NORTHEAST NOW (Assamese)
Popular Stories

শিৱসাগৰ প্ৰেছ ক্লাবত পৌৰসভাই চলালে চেনিটাইজেশ্যন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ April 15, 2020 6:10 pm

সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ পিছত ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ অংশ হিচাপে শিৱসাগৰ পৌৰসভাই আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ ভৱনটে সম্পূৰ্ণ চেনিটাইজ কৰে। শিৱসাগৰ চহৰৰ বাবুপট্টিত থকা শিৱসাগৰ প্ৰেছ ক্লাবৰ কাৰ্যালয়ৰ লগতে তিনিমহলীয়া ভৱনটো চেনিটাইজ কৰা হয়।

শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া মনোৰমা মৰাং আৰু শিৱসাগৰ নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথৰ তত্বাধাৱনত আজি এই চেনিটাইজিং কাৰ্য্য সম্পাদন কৰা হয়।

আজিৰ এই চেনিটাইজিং কাৰ্যত সহযোগ কৰে শিৱসাগৰ অগ্নি নিৰ্বাপক বাহিনীয়ে।

অনাগত দিনত শিৱসাগৰ নগৰৰ আন বিভিন্ন স্থানত চেনিটাইজিং কৰা হ’ব বুলি জানিবলৈ দিয়ে নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথে।

ইপিনে শিৱসাগৰ প্ৰেছ ক্লাবৰ কাৰ্যালয় আৰু ভৱনটো চেনিটাইজ কৰাৰ বাবে শিৱসাগৰ পৌৰসভাক প্ৰেছ ক্লাবে ধন্যবাদ জনায়।