NORTHEAST NOW (Assamese)
অসম

ডেৰ শতাধিক দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান পাৰ্কুপ বন আঞ্চলিক বিষয়া-বনকৰ্মীৰ

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা April 16, 2020 11:35 am
VideoCapture_20200414-003609
কেন্দ্ৰই অহা ৩ মে’ পৰ্য্যন্ত ল’কডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পিছত বাপতিসাহোন ৰঙালী বিহুৰ দিন কেইটাত দৰিদ্ৰ পৰিয়াল সমূহে যাতে খাদ্যৰ সংকটত দিন পাৰ কৰিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া আৰ্তজনৰ কাষলৈ সহায় কৰিবলৈ ওলাই আহিছে বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী।
নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী পাৰ্কুপ বন আঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমূহ বিষয়া-বনৰক্ষী প্ৰত্যেকেই নিজৰ দৰমহাৰ ধনেৰে এই ৰঙালী বিহুৰ বতৰত বৃহত্তৰ পাৰ্কুপ অঞ্চলৰ প্ৰায় ডেৰ শতাধিক দৰিদ্ৰ পৰিয়ালৰ লোকৰ মাজত বিতৰণ কৰে চাবোন, চাউল, দাইল, আলু, পিয়াজ, মিঠাতেল আদি বহু কেইপদ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী।
সামগ্ৰী বিতৰণৰ সময়ত নিজৰ লগতে সাহায্য সংগ্ৰহ কৰিবলৈ অহা লোক সকলকো সামাজিক দূৰত্ব বজাই ৰাখি মুখাভূষণ পৰিধান কৰিবলৈ অনুৰোধ কৰাৰ লগতে মহামাৰী ক’ৰ’নাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দেখা যায় বন বিষয়া-কৰ্মচাৰীৰ দলটোৱে।
ইফালে চামগুৰিৰ উদমাৰিৰ উপ-খণ্ড বন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কেশৱ শইকীয়া নামৰ এজন বনকৰ্মীয়ে পত্নীসহ পুৰণিগুদাম চলচলিস্থিত নিজৰ বাসগৃহতে হাতত শৰাই লৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ একো-একোটা টোপোলা লৈ আগলি কলাপাতত আগবঢ়াই বিহু বুলি আশিষ বিচাৰি আঠু ল’লে অঞ্চলটোৰ একাংশ দৰিদ্ৰ লোকৰ ওচৰত।
চলচলিৰ দৰিদ্ৰ পৰিয়ালৰ লোক সকলৰ যাতে বিহুৰ দিন কেইটাত খাদ্য-সামগ্ৰী অভাৱ অনুভৱ নকৰে তাৰ বাবে বনকৰ্মী জনে বিহুৰ ওলগ হিচাপে প্ৰায় শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ।
পৰম্পৰাগত ভাবে বিহুৰ দিন কেইটাত হুঁচৰিৰ আগত আশিষ বিচাৰি সেৱা জনোৱা পৰিৱৰ্তে হাতত শৰাইলৈ দৰিদ্ৰ সকলক সাহাৰ্য্য সামগ্ৰী প্ৰদানৰ জৰিয়তে প্ৰকৃতিতে এইবাৰহে অধিক আশিষ পোৱা যাব বুলি আশাবাদী কেশৱ শইকীয়াৰ পৰিয়ালটোৰ সদস্য সকল।