NORTHEAST NOW (Assamese)
Popular Stories

ভিডিঅ’ কনফাৰেঞ্চিঙৰ বাবে সুৰক্ষিত নহয় জুম(Zoom); গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰিলে নিৰ্দেশনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 5:48 pm

ডিজিটেল এপ ‘জুম’(Zoom) ব্যক্তিগত ভিডিঅ’ কনফাৰেঞ্চিঙৰ বাবে সুৰিক্ষত নহয় বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে।

ইয়াৰ পূৰ্বে চি ই আৰ টিয়েও জুমক সুৰক্ষিত নহয় বুলি উল্লেখ কৰি ডিজিটেল এপটোৰ জৰিয়তে ব্যৱহাৰকাৰী সকল ব্যক্তিগত তথ্য ফাদিল হোৱা আদিৰ দৰে চাইবাৰ আক্ৰমণৰ সন্মুখিন হ’ব পাৰে বুলি প্ৰকাশ কৰিছিল।

কেন্দ্ৰ চৰকাৰে এতিয়াও যিসকল লোকে জুম এপটো ব্যৱহাৰ কৰিব বিচাৰিছে সেইসকল লোকৰ বাবে কিছুমান সুৰক্ষামূলক নিৰ্দেশনা জাৰি কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা সমূহ হৈছে-

১. প্ৰতিটো ভিডিঅ’ কলৰ অন্তত নতুন য়ুজাৰ আই ডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰক।

২. উদ্যোক্তাই বৈঠক অনুষ্ঠিত কৰাৰ পাছত উদ্যোক্তাৰ অনুমতি মৰ্মেহে যাতে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে অংশ ল’ব পাৰে তাৰবাবে ৱেইটিং ৰুম এনাবল কৰক।

৩. উদ্যোক্তাই অংশলোৱাৰ পূৰ্বে ডিচাবেলিং কৰক।

৪. স্ক্ৰীণ শ্বেয়াৰিং হোষ্ট অনলি কৰক।

৫. বৈঠক লকিং ক্লিক কৰক।

৬. ৰেকৰ্ডিং অপশ্যন বন্ধ কৰক।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত বহুতে ভিডিঅ’ কনফাৰেঞ্চিঙৰ বাবে জুম এপ ব্যৱহাৰ কৰি আহিছে।

এই এপ ব্যৱহাৰ কৰাৰ সময়ত যাতে কোনো লোকৰ গোপন তথ্য চুৰি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে এই নিৰ্দেনা জাৰি কৰিছে।