NORTHEAST NOW (Assamese)
অসম

অসমত আৰু ওলাল ২জন ক’ভিড-১৯পজিটিভ ৰোগী; মুঠ আক্ৰান্তৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 5:33 pm
COVID-19: E-mail launched for Assam people stranded abroad

অসমত আজি আৰু দুজন ক’ভিড-১৯পজিটিভ ৰোগী ধৰা পৰিছে। এই দুয়োজন লোকেই মৰিগাঁওৰ।

আজি ক’ভিড-১৯পজিটিভ ধৰা পৰা মৰিগাঁৱৰ লোক দুজন নিজামুদ্দিন মাৰ্কাজৰ সমাৱেশত উপস্থিত থকা লোকৰ সংস্পৰ্শলৈ আহিছিল।

ইয়াকে ধৰি অসমত এতিয়া ক’ভিড-১৯পজিটিভ আক্ৰান্তৰ সংখ্যা ৩৪জনলৈ বৃদ্ধি পালে। আনহাতে, এতিয়ালৈ ৫জন ৰোগী সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি টুইটাৰযোগে এই কথা জানিবলৈ দিছে।

উল্লেখযোগ্য যে  যোৱা মঙলবাৰে ধুবুৰীৰ এগৰাকী মহিলা ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছিল।

মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল যে মহিলাগৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু আঠগাওঁ মছজিদৰ ধৰ্মীয় সভাত ভাগ লোৱা এজন লোকৰ পত্নী।

অসমত ক’ভিড-১৯ আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু ঘটিছে।

ইপিনে, বুধবাৰে দুগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীক আৰু বৃহস্পতিবাৰে তিনিগৰাকীক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ পাছত তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

বুধবাৰে দুগৰাকীক সুস্থ হৈ উঠাৰ পাছত সোনাপুৰৰ পৰা যাবলৈ দিয়া হয়।

আনহাতে, খবিৰুদ্দিন আহমেদ, চাহজাহান আলি আহমেদ আৰু য়ুচোফ আলি নামৰ তিনিগৰাকী লোকক বৃহস্পতিবাৰে দুপৰীয়া চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

তিনিওগৰাকীকে গোৱালপাৰা জিলা অসামৰিক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

লোক তিনিজনৰ দুটাকৈ পৰীক্ষাৰ পাছত নিগেটিভ ওলোৱা বাবে তেওঁলোকক মুক্তি দিয়া বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জানিবলৈ দিয়ে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাৰ উপস্থিতিত ক’ৰ’নাৰ পৰা মুক্ত হোৱা তিনিওগৰাকী ৰোগীক ঘৰলৈ যাবলৈ দিয়ে গোৱালপাৰা অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই।

জানিব পৰা মতে লোক তিনিজনক স্বাস্থ্য মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুসৰি আৰু ১৪ দিন নিজকে হোম কোৱাৰেণ্টাইনত থাকিবলৈ আহ্বান জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তদুপৰি, ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা এই তিনিজন ব্যক্তিৰ পৰা সংক্ৰমণ আহিব বুলি কোনো লোকে ভয় খোৱাৰ কাৰণ নাই বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।