NORTHEAST NOW (Assamese)
অৰুণাচল

উত্তৰ-পূৰ্বাঞ্চলৰ ক’ত কৰিব পাৰিব কোভিড-১৯ৰ পৰীক্ষা? আইচিএমআৰে প্ৰকাশ কৰিলে তালিকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 16, 2020 4:59 pm
COVID-19 positive cases reach 62 in Assam

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছ (আইচিএমআৰ)এ বুধবাৰে কোভিড-১৯ৰ পৰীক্ষাৰ বাবে ১৭৬টা চৰকাৰী লেবৰেটৰী আৰু ৭৮টা ব্যক্তিগত লেবৰেটৰী তথা তিনিটা কালেকশ্যন কেন্দ্ৰৰ এখন তালিকা প্ৰকাশ কৰিছে।

তালিকাত অসমত কোভিড-১৯ৰ পৰীক্ষাৰ বাবে পাঁচটা চৰকাৰী লেবৰেটৰী অন্তৰ্ভুক্ত হৈছে। সেইকেইটা হৈছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পাতাল, ৰিজ’নেল মেডিকেল ৰিচাৰ্ছ চেন্টাৰ, যোৰহাট মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ আরু ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ।

কৰ’না ভাইৰাছৰ পৰীক্ষাৰ বাবে অন্তৰ্ভুক্ত মণিপুৰত দুটা চৰকাৰী লেবৰেটৰী হৈছে জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স আৰু ৰিজ’নেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সেছ।

সেইদৰে তালিকাত অন্তৰ্ভুক্ত হোৱা মেঘালয় আৰু মিজোৰাম চৰকাৰী লেবৰেটৰী হৈছে নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজ’নেল ইনষ্টিটিউট অফ হেলথ এণ্ড মেডিকেল ছায়েন্সেছ আৰু জোৰাম মেডিকেল কলেজ।

তালিকাত অন্তৰ্ভুক্ত হোৱা আগৰতলাৰ চৰকাৰী মেডিকেল কলেজ হৈছে ত্ৰিপুৰাৰ একমাত্ৰ চৰকাৰী লেবৰেটৰী।

ইয়াৰ বাহিৰেও আই চি এম আৰৰ দ্বাৰা তালিকাভুক্ত হোৱা তিনিটা কালেকশ্যন চেন্টাৰৰ ভিতৰত দুটাই উত্তৰ পূৰ্বাঞ্চলৰ আৰু সেই দুটা হৈছে অৰুণাচল প্ৰদেশৰ টম’ ৰিবা ইনষ্টিটিউট অফ হেলথ এণ্ড মেডিকেল ছায়েন্সেছ আৰু ছিকিমৰ ছাৰ থুটব নামগিয়াল মেম’ৰিয়েল।

আনহাতে, আইচিএমআৰৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ব্যক্তিগত লেবৰেটৰী অন্তৰ্ভুক্ত হোৱা নাই।