NORTHEAST NOW (Assamese)
Popular Stories

সাৰ পালে মন্ত্ৰী অতুল বৰা আৰু ফণীভূষণ চৌধুৰী; পাতিলে বিভাগীয় বিষয়াৰে বৈঠক

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 16, 2020 4:55 pm

কৃষি মন্ত্ৰী অতুল বৰা আৰু খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী  ফণীভূষণ চৌধুৰীয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কৃষি, খাদ্য আৰু অসামৰিক যোগান তথা পশুপালন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগ কেইটাই ল’কডাউনৰ সময়ত কি কাৰ্য সম্পাদন কৰিলে তথা ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ সম্পৰ্কে আলোচনা কৰে।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত বৈঠকৰ অন্তত সাংবাদিকৰে আগত মন্ত্ৰী বৰাই ল’কডাউনৰ সময়ত ৰাইজে যাতে মাছ, মাংস, কণী, শাক-পাচলি যাতে উচিত মূল্যত পাই থাকে তাক নজৰ দিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলি জনায়।

ল’কডাউনৰ সময়ত কৃষকে যাতে কৃষি কাৰ্য্য চলাই যাব পাৰে তাৰ বাবে কৃষি বিভাগে বীজ প্ৰদান কৰিব বুলি তেওঁ ঘোষণা কৰে।

আনহাতে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অসমৰ প্ৰতিখন জিলাত এমাহৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত আছে বুলি জানিবলৈ দিয়ে।

সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত তেওঁ কয়, ‘কিছুমান বস্তুৰ মূল্য উৎপাদন স্থলীতে বৃদ্ধি হোৱাৰ বাবে পূৰ্বতকৈ অলপ মূল্য বৃদ্ধি হৈছে। কোনো ব্যৱসায়ীয়ে যদি নিজৰ ইচ্ছা মতে মূল্য বৃদ্ধি কৰে তেন্তে তেনে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’

আজিৰ বৈঠকত মন্ত্ৰী যোগেন মহন, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাৰী সমষ্টিৰ বিধায়ক নৱনীতা সন্দিকৈ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈৰ লগতে জিলা প্ৰশাসনৰ বহু বিষয়া উপস্থিত থাকে।