NORTHEAST NOW (Assamese)
অসম

কৰ’নাক পৰাজিত কৰি জীৱন যুদ্ধত জয়ী হ’ল ১০৬বছৰীয়া বৃদ্ধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 6:40 am
106-year-old-Connie-Titchen

সমগ্ৰ বিশ্বতে কৰ’নাৰ তাণ্ডৱ অব্যাহত আছে। মাৰাত্মক এই ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰিছে হাজাৰ হাজাৰলোক। মৃত্যু হৈছে বহু লোকৰ।

কিন্তু এই ভয়ংকৰ মৃত্যুৰ আতংকৰ মাজতো দেখা গৈছে কিছু আশাৰ পোহৰ। এইবাৰ কৰ’নাৰ আক্ৰমণক পৰাজিত কৰি জীৱন যুদ্ধত জয়ী হ’ল ক’নি টিছেন নামৰ এগৰাকী ১০৬ বছৰীয়া বৃদ্ধা।

ব্ৰিটেইনৰ কৰ’না আক্ৰান্ত ৰোগীৰ মাজত ইমান বয়সীয়া মহিলাগৰাকীয়ে মাৰাত্মক কৰ’না ভাইৰাছক পৰাজিত কৰি সকলোকে আচৰিত কৰি তুলিছে।

বাতৰি অনুসৰি, যোৱা মাৰ্চৰ মাজভাগত বাৰ্মিংহামৰ বাসিন্দা ক’নি টিছেন হঠাতে অসুস্থ হৈ পৰিছিল। তাৰ পাছতে তেওঁক পৰিয়ালৰ লোকে বাৰ্মিংহামৰ এখন হাস্পাতলত ভৰ্তি কৰায়।

চিকিৎসকসকলে প্ৰথমতে তেওঁৰ নিউমোনিয়া হোৱা বুলি ভাৱিছিল। কিন্তু পৰীক্ষাৰ পাছত তেওঁৰ শৰীৰত কৰ’না ভাইৰাছ ধৰা পৰে।

প্ৰায় তিনি সপ্তাহ ধৰি চিকিৎসা চলাৰ পাছত মঙলবাৰে বৃদ্ধাগৰাকী সুস্থ হৈ ঘৰলৈ উভতে। হাস্পাতালৰ পৰা মুক্তি পোৱাৰ সময়ত হাস্পাতলখনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে তেওঁক হাত চাপৰি বজাই অভিনন্দন জনায়।

১৯১৩চনত জন্মগ্ৰহণ কৰা ক’নি টিছেনে দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী হোৱাৰ পাছত এইখন আছিল তেওঁৰ বাবে তৃতীয় বিশ্ব যুদ্ধ য’ত তেওঁ যুঁজত অৱতীৰ্ণ হৈ বিজয়ৰ গৌৰৱ অৰ্জন কৰিলে।

মুক্তি পোৱাৰ পাছত তেওঁ কৈছে,’’কৰ’না ভাইৰাছৰ সৈতে যুঁজত জয়ী হোৱাৰ পাছত নিজকে সৌভাগ্যৱান বুলি ভাৱ হৈছে। পৰিয়ালৰ লোকসকলক লোক পোৱাৰ বাবে অধীৰ হৈছো। বহুদিন ঘৰৰ খাদ্য খাবলৈ পোৱা নাই। এতিয়া মোৰ প্ৰচণ্ড বোক লাগিছে।‘’