NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ মাজতে বোকাখাতত সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ; এজনক গ্ৰেপ্তাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 17, 2020 6:33 pm

দেশত ল’কডাউন চলি থকাৰ মাজতেই বৃহস্পতিবাৰে বোকাখাতৰ চিনাকান অঞ্চলত এক অতি ঘৃননীয় ঘটনা সংঘৰ্টিত হয় ৷

ল’কডাউনত সকলো মানুহ ঘৰৰ ভিতৰতে আৱদ্ধ থকাৰ সুযোগ লৈ চিনাকনৰ পবিত্ৰ ওৰফে পাপু বৰুৱা নামৰ এজন যুৱকে চিনাকান প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰে।

ছাত্ৰী গৰাকীৰ মুখত সোপা দি নিজৰ কামনা চৰিতাৰ্থ কৰাৰ সময়তে ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনাৰ উমান পাই বিদ্যালয়ত প্ৰবেশ কৰাৰ লগে লগে যুৱকজনে তাৰ পৰা পলায়ন কৰে।

পিছত ছোৱালীজনীৰ পৰিয়ালে বোকাখাত আৰক্ষী থানাত দিয়া এজাহাৰৰ আধাৰত আৰক্ষীয়ে যোৱা নিশা কুৰুৱাবাহী ২ নং পৰঙণীয়া গাঁৱৰ বায়েকৰ ঘৰত লুকাই থকা অৱস্থাত বিবাহিত যুৱক পবিত্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ঘটনা সম্পৰ্কত এটা গোচৰ ৰজু কৰি বোকাখাত আৰক্ষীয়ে আজি পবিত্ৰ ওৰফে পাপু বৰুৱাক আদালতত হাজিৰ কৰাত আদালতে যুৱকজনক জে’ললৈ প্ৰেৰণ কৰে ৷