NORTHEAST NOW (Assamese)
অসম

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষৰ গোচৰত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 25, 2025 3:15 pm

১৯৮৪ চনত দিল্লীত সংঘটিত শিখ বিৰোধী সংঘৰ্ষত প্ৰত্যক্ষভাৱে জড়িত থকাৰ বাবে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সজ্জন কুমাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

১৯৮৪ চনৰ ১ নৱেম্বৰত দিল্লীৰ সৰস্বতী বিহাৰ অঞ্চলত হিংসাৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল সজ্জনাৰ বিৰুদ্ধে। তেওঁৰ নেতৃত্বত এদল লোকে হিংসা বিয়পাইছিল।

অভিযোগ উত্থাপন হৈছিল যে সজ্জনৰ প্ৰৰোচনাত এই দলটোৱে যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰুনদীপ সিং নামৰ দুজন শিখ লোকক হত্যা কৰিছিল।

এই গোচৰত ১২ ফেব্ৰুৱাৰীত দোষী সাব্যস্ত কৰা হৈছিল সজ্জনক। মঙলবাৰে ঘোষণা কৰা হয় তেওঁৰ শাস্তি।

ইয়াৰ পূৰ্বে দিল্লী কেন্টনমেন্ট অঞ্চলত সংঘটিত হোৱা সংঘৰ্ষৰ গোচৰত দোষী সাব্যস্ত হৈ বৰ্তমান কাৰাদণ্ড ভুগি আছে সজ্জন কুমাৰ। ইয়াৰ মাজতে তেওঁক পুনৰ শাস্তি প্ৰদান কৰা হয়।

কংগ্ৰেছ নেতাজনক দোষী সাব্যস্ত কৰিবলৈ চাৰি দশকৰো অধিক সময় লাগিল। ফলত ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ লেহেমীয়া ধাৰাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হ’ল।