NORTHEAST NOW (Assamese)
Popular Stories

৩,৪০,০০০ ডলাৰত বিক্ৰী হ’ল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ টেষ্ট কেপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 22, 2020 12:16 pm

অষ্ট্ৰেলিয়াৰ ডন ব্ৰেডমেনে ১৯২৮ চনত অভিষেক টেষ্ট মেচত পৰিধান কৰা ‘বেগী গ্ৰীণ কেপ’টো নিলামযোগে ৪ লাখ ৫০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰ (তিনি লাখ ৪০ হাজাৰ য়ু এছ ডলাৰ)ত এগৰাকী ব্যৱসায়ীয়ে ক্ৰয় কৰে।

ক্ৰিকেটৰ সৈতে জৰিত যিকোনো সামগ্ৰীৰ নিলামত লাভ কৰা এইটো হৈছে দ্বিতীয় সৰ্বাধিক মূল্য।

ৰোড মাক্ৰ’ফোঞ্চৰ সংস্থাপক পীটাৰ ফ্ৰীডমেনে এই টুপীটো গোটেই অষ্ট্ৰেলিয়া ঘূৰোৱাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।

নিলামৰ সৈতে জৰিত বিষয়াসকলে জানিব দিয়া মতে ক্ৰিকেটৰ সৈতে জৰিত যিকোনো সামগ্ৰীৰ নিলামত লাভ কৰা সৰ্বাধিক ধনৰাশিৰ অভিলেখ অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰ টুপীৰ নামত আছে।

ৱাৰ্ণৰ টুপীটো ১০ লাখ ৭ হাজাৰ ৫০০ অষ্ট্ৰেলিয়ান ডলাৰ (সাত লাখ ৬০ হাজাৰ য়ু এছ ডলাৰ)ত বিক্ৰী হৈছিল।

উল্লেখ্য যে ব্ৰেডমেন ২০ বছৰ অষ্ট্ৰেলিয়াৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ১৯২৮ চনৰ পৰা ১৯৪৮ চনলৈকে ৫২ খন টেষ্ট মেচ খেলিছিল আৰু তেওঁক বিশ্বৰ সৰ্বকালীন সৰ্বশ্ৰেষ্ঠ বেটছমেন হিচাপে গণ্য কৰা হয়।

ব্ৰেডমেনক ১৯৪৯ চনত নাইটহুড সন্মানেৰে সন্মানিত কৰিছিল। টেষ্টত তেওঁ ৯৯.৯৪ গড়ে ৰান কৰিছিল।

ফ্ৰীডমেনে মঙলবাৰে কয়, ‘ছাৰ ডন ব্ৰেডমেন অষ্ট্ৰেলিয়াৰ মহান খেলুৱৈ। তেওঁ সৰ্বকালৰ মহান খেলুৱৈ’।

উল্লেখ্য যে ব্ৰেডমেন ১৯৫৯ চনত তেওঁৰ এগৰাকী বন্ধু পীটৰ ডনহমক উপহাৰ হিচাপে প্ৰদান কৰিছিল অভিষেক মেচত পিন্ধা টুপীটো।

কিন্তু শেহতীয়াকৈ পীটাৰৰ ওপৰত ১০ কোটি টকাৰ ঋণৰ বোজা পৰাত তেওঁ এই টুপীটো নিলাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।