NORTHEAST NOW (Assamese)
অসম

৩১ আগষ্টৰ ভিতৰত চিবিআই আদালতক বাবৰি মছজিদ ধ্বংস গোচৰৰ ৰায়দানৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 9, 2020 7:48 am
babri demolition

বাবৰি মছজিদ ধ্বংস গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰা তথা ৰায়দানৰ বাবে লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতক চাৰি মাহৰ সময় দিছে উচ্চতম ন্যায়ালয়ে।

শুকুৰবাৰে সৰ্বোচ্চ আদালতখনে অহা ৩১ আগষ্টৰ ভিতৰত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ তথা ৰায়দানৰ নিৰ্দেশ দিছে।

বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানি, মুৰলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি বহুকেইজনৰ বিৰুদ্ধে গোচৰটো চলি আছে।

১৯৯২ চনত বাবৰি মছজিদ ধ্বংস এই গোচৰটোৰ শুনানি লক্ষ্ণৌৰ বিশেষ চিবিআই আদালতত চলি আছে।

ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে চিবিআই আদালতখনক ৯মাহৰ ভিতৰত শুনানি সম্পূৰ্ণ কৰিবলৈ সময় বান্ধি দিছিল।

উল্লেখ্য যে এপ্ৰিল মাহত এই সময়সীমাৰ ম্যাদ সম্পূৰ্ণ হৈছে। কিন্তু নিম্ন আদালতখনৰ ন্যায়াধীশে ইয়াৰ পূৰ্বে সময়সীমা বৃদ্ধিৰ বাবে আবেদন কৰে।

কৰ’না পৰিস্থিতিৰ বাবে দেশত চলা লকডাউনৰ মাজতে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰাত সময় বিচাৰি ন্যায়াধীশগৰাকীয়ে অনুৰোধ জনাইছিল।

চিবিআই আদালতৰ ন্যায়াধীশৰ উক্ত আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আৰু চাৰি মাহৰ সময় দিছে।

সৰ্বোচ্চ আদালতখনে প্ৰয়োজন হ’লে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বাবৰি মছজিদ ধ্বংসৰ গোচৰটোৰ শুনানি ল’বলৈ নিৰ্দেশ দিছে।