NORTHEAST NOW (Assamese)
অসম

শিক্ষক দিৱস বৰ্জন; দুৰ্বৃত্তৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া অব্যাহত পুৰণিগুদামত

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা September 5, 2019 4:31 pm
Assam's Puronigudam teacher-students boycott Teachers' Day

নগাঁৱৰ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-ছাত্ৰ সমাজে বৰ্জন কৰিছে শিক্ষক দিৱস।

বিদ্যালয়খনৰ অধ্যক্ষা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক দুৰ্বৃত্তই কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত তেওঁলোকে দিৱস বৰ্জন কৰিছে।

ইতিমধ্যে আৰক্ষীৰ কব্জাত পৰা দুৰ্বৃত্তৰ দলটোৰ শাস্তিৰ দাবীত বৃহস্পতিবাৰে শিক্ষক দিৱসৰ দিনটোত ক’লা বেজ পৰিধান কৰি ছাত্ৰ-শিক্ষক সমাজে ৰাজপথত অৱস্থান কৰে।

প্ৰতিবাদটোত বিদ্যালয়খনৰ ছাত্ৰ-শিক্ষক, প্ৰাক্তন ছাত্র-ছাত্ৰীৰ লগতে বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভায়ো অংশ গ্ৰহণ কৰে।

লগতে অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ স্থানীয় শাখা আৰু পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজো প্ৰতিবাদত উপস্থিত থাকে।

সকলো দল-সংগঠন, ৰাইজ আৰু শিক্ষক-ছাত্ৰ সমাজে দুৰ্বৃত্তৰ দলটোক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

দুপৰীয়া প্ৰতিবাদস্থলীত উপস্থিত হোৱা চামগুৰি ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ দোষীৰ শাস্তিৰ দাবীত প্ৰতিবাদকাৰীসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

এ বি ভি পি আৰু আঞ্চলিক ছাত্ৰ সন্থায়ো দোষীক উপযুক্ত শাস্তি প্ৰদানৰ বাবে চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জীৱন মাৰাকক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰিছে।

ঘটনাটোৰ মূল অভিযুক্ত নুৰুল আমিনসহ চাৰিজনকৈ যুৱকক চামগুৰি আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।

ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত সংঘটিত ঘটনাৰ আলমত পৰিস্থিতি যাতে বেয়ালৈ নাযায় তাৰ বাবে আৰক্ষী সষ্টম হৈ আছে বুলি সাংবাদিকক জানিবলৈ দিছে।

কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসক ঘটনাটোৰ পৰ্য্যৱেক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছে, বিদ্যালয় কৰ্তৃপক্ষই জনায়।

দুৰ্বৃত্ত দলৰ আক্ৰমণত বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সম্পাদক পুলক বৰা গুৰুতৰভাৱে আহত হৈছিল।

অকল বৰাকে বহয়, বিদ্যালয়খনৰ অধ্যক্ষা সন্ধ্যা বৰুৱা আৰু আন কেইবাজনকো দলটোৱে আক্ৰমণ কৰিছিল।