NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ সময়ত চান্দমাৰী উৰণীয়া সেতুৰ তলত খালী ভিক্ষা পাত্ৰ লৈ লঘোণে ভোকে বৃদ্ধ দম্পতি

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 17, 2020 6:30 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে ইয়াৰ ফলত একাংশ পদপথৰ খুজি-মাগি খোৱা লোকে লঘোণে ভোকে জীৱন কটাবলগীয়া হৈছে।

সদা ব্যস্ত চান্দমাৰী উৰণীয়া সেতুৰ তলত ল’কডাউনৰ বাবে কোনোধৰণৰ জনসমাগম নায় যদিও ভিক্ষাৰ বাবে এহাল বৃদ্ধ দম্পতি ওলাই আহিছে ৷

বৃদ্ধ জনে চকুৰে নদেখে আৰু বৃদ্ধা পত্নীয়ে কানেৰে নুশুনে ৷ এই সংকতৰ সময়ত তেওঁলোকৰ ওচৰত থিয়া দিবলৈ তেওঁলোকৰ কোনো সন্তান নায়।

পেটৰ ভোকত ল’কডাউনৰ সময়তো পদপথলৈ বৃদ্ধ দম্পতী ওলাই আহিবলৈ বাধ্য হৈছে।

এই বৃদ্ধ দম্পতীয়ে ল’কডাউনৰ সময়ত এসাজ খাইছে এসাজ লঘোণ দিছে। চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ বাবে মানুহ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকা বাবে তেওঁলোকক সহায় কৰা কোনো লোকো ওচৰত থিয় হ’ব পৰা নায়।

উল্লেখযোগ্য যে, পহিলা বহাগৰ দিনটোতে পেটৰ ভোকত ধমেন্দ্ৰ ডেকা নামৰ এগৰাকী লোকে মৃত্যুক সাবতি লৈছিল আৰু সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সকলোৱে তাকে কামনা কৰিছে।

আনহাতে, সমাজ কল্যাণ বিভাগে পদপথৰ ভিক্ষাৰী সকলক লৈ গৈ আশ্ৰয়ৰ লগতে খাদ্য প্ৰদান কৰিছিল যদিও একাংশ লোক বাদ পৰি ৰৈছে।

বহু বেচৰকাৰী সংস্থায়ো সময়ে সময়ে সাহায্য প্ৰদান কৰি আহিছে যদিও সকলোকে ঢুকি পোৱা নায়৷

চৰকাৰ তথা বেচৰকাৰী সংস্থা সমূহে যাতে এনেধৰণৰ অসহায় লোকলৈ সহায়ৰ হাত আগবঢ়াই তাৰে কামনাৰে আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰিলো।