NORTHEAST NOW (Assamese)
অসম

কোভিদ-১৯-ৰ বিৰুদ্ধে যুদ্ধত আই আই টি গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱনক ৰমেশ পোখৰিয়ালৰ প্ৰশংসা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 8:48 pm

কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত আই আই টি গুৱাহাটীৰ গৱেষক সকলে কৰা নতুন নতুন উদ্ভাৱনক প্ৰশংসা কৰিছে কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে।

নিজৰ টুইটাৰ হেণ্ডলত আই আই টি গুৱাহাটীত চলি থকা ক’ৰ’না প্ৰতিৰোধী গৱেষণা সম্বন্ধীয় এটা ভিডিঅ’ আপলোড কৰি পোখৰিয়ালে সকলোকে চাবলৈ অনুৰোধ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আই আই টি গুৱাহাটীৰ সঞ্চালক ড০ টি জি শিতাৰামকো প্ৰতিভাশালী দল এটাক নেতৃত্ব কৰা বাবে প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, আই আই টি গুৱাহাটীৰ গৱেষক সকলে বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা দ্ৰোণ নিৰ্মাণ কৰাৰ লগতে কম মূল্যৰ ফেচ চিল্ড আৰু উচ্চমানদণ্ডৰ মাস্ক প্ৰস্তুত কৰি উলিয়াইছে।

আনহাতে, শিক্ষানুষ্ঠানখনৰ গৱেষক সকলে মানুহৰ সংস্পৰ্শলৈ নহাকৈ জ্বৰ পৰীক্ষা কৰিব পৰা ইনফ্ৰাৰেড যন্ত্ৰও নিৰ্মাণ কৰি আছে।

ইয়াৰ বাহিৰেও আই আই টি গুৱাহাটীৰ গৱেষকৰ দলটোৱে ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ চিকিৎসাত চিকিৎসাকৰ্মী সকলে ব্যৱহাৰ কৰা  ৰিবচুইটচ পি অ’ চি টি কিটছ নিৰ্মাণ কৰি আছে।

গৱেষকৰ দলটোৱে প্ৰাথমিক স্বাস্থ্য কৰ্মীসকলৰ সহায়ৰ বাবে ৰোগ প্ৰতিৰোধী মেন্যুৱেলো প্ৰস্তুত কৰি উলিয়াইছে।

তদুপৰি, আই আই টি গুৱাহাটীৰ গৱেষকৰ দলোটোৱে ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত স্থানীয়ভাৱে সহায়ক হোৱাকৈ সুৰক্ষিত ডেলিভাৰী এপো নিৰ্মাণ কৰি উলিয়াইছে।