NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ বাবে নিশ্চিত মনে ৰাষ্ট্ৰীয় ঘাইপথত ভৰ টোপনিত সিংহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2020 10:24 pm
lion

ক’ৰ’না ভাইৰাছৰ বাবে প্ৰায় সমগ্ৰ বিশ্বত ল’কডাউন চলি থকাৰ সময়তে দক্ষিণ আফ্ৰিকাৰ ক্ৰুগেৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত বহু সিংহই শুই থকাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰেঞ্জাৰ ৰিচাৰ্দ চোৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত পোৱালী সহ বহু সিংহই একেলগে শুই থকাৰ দৃশ্য কেমেৰাত আৱদ্ধ কৰে আৰু ছ’চিয়েল মিডিয়াত আপলোড কৰে।

চোৰীয়ে ছ’চিয়েল মিডিয়াত ফটো কেইখন আপলোড কৰাৰ পাছতে ই ভাইৰেল হৈ পৰে। বহুলোকে ল’কডাউনৰ বাবে বনৰীয়া জীৱ-জন্তুবোৰৰ মাজলৈ স্বাধীনতা ঘুৰি আহিছে বুলি মন্তব্য কৰাৰ বিপৰীতে একাংশ লোকে প্ৰকৃতি নিয়ম অনুসৰি চলি আছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বত ল’কডাউনৰ বাবে মানুহ ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হোৱাৰ ফলত বনৰীয়া জীৱ-জন্তুবোৰ মুক্ত মনে বনৰ বাহিৰলৈ ওলাই আহিছে।

আজি গুৱাহাটী মহানগৰীৰ জাপৰিগোগতো ৰাতিপুৱাই বনাঞ্চলৰ পৰা এটা শৰ পহু ওলাই আহি মুক্ত মনে বিচৰণ কৰি ফুৰে।

দীঘলীপুখুৰী পাৰকে ধৰি মহানগৰীৰ আন বহুতো স্থানত চৰাই চিৰিকতিৰে ভৰি পৰিছে।