NORTHEAST NOW (Assamese)
অসম

লকডাউনৰ ফলত খাদ্য সংকটত গুৱাহাটীৰ পোহনীয়া হাতী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 18, 2020 10:13 pm

চাৰিওফালে লকডাউন, স্তব্ধ জনজীৱন, শূন্য ৰাজপথ। খাদ্যৰ সংকটত দৰিদ্ৰজন অসুবিধাত পৰিব লগা হৈছে।

মানুহ কমি যোৱাৰ বাবে গুৱাহাটী মহানগৰীত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বিভিন্ন বন্যপ্ৰাণী।

তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গুৱাহাটী মহানগৰীত ৰাস্তাৰ জন্তুৰ লগতে পোহনীয়া জীৱজন্তুও খাদ্য সংকটত পৰা পৰিলক্ষিত হৈছে।

মহানগৰীৰ দিচপুৰৰ চৌধুৰী টিলাৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ তিনিটাকৈ হাতী এতিয়া লকডাউনৰ ফলত টিলাটোতে কটাবলগীয়া হৈছে।

লকডাউনৰ দিনকেইটাত এতিয়ালৈকে হাতীকেইটাৰ বাবে খাদ্যৰ যোগান কৰি অহা হৈছিল।

লকডাউনৰ পূৰ্বে মহানগৰীৰ বিভিন্ন প্ৰান্তত হাতী তিনিটাক মাউতে উলিয়াই লৈ লে বহু লোকে নিজ ইচ্ছাৰে ফলমূলকে ধৰি বিভিন্ন খাদ্যৰ যোগান ধৰিছিল।

কিন্তু এতিয়া লকডাউনৰ ফলত এতিয়া টিলাটোতে আবদ্ধ হৈ পৰিছে হাতীকেইটা।

আজি হাতীকেইটাৰ বাবে যোগাৰ কৰি অনা কলগছ শেষ বুলি হাতীৰ মাউতে আমাক জানিবলৈ দিয়ে।

এটা হাতীক এদিনৰ বাবে প্ৰয়োজন হয় প্ৰায় ২০ জোপা কলগছ। তেনেক্ষেত্ৰত অহা মে’পৰ্যন্ত লকডাউনৰ দিনকেইটাত হাতী তিনিটাক প্ৰয়োজন বৃহৎসংখ্যক কলগছ।

চৰকাৰৰ লগতে হৃদয়ৱান লোকক হাতীকেইটাক খাদ্যৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে হাতীৰ মাউতে আহ্বান জনাইছে।