NORTHEAST NOW (Assamese)
অসম

মহেন্দ্ৰ সিং ধোনীক সৰ্বশ্ৰেষ্ঠ অধিনায়ক আখ্যা প্ৰাক্তন তাৰকা ইংৰাজ ক্ৰিকেটাৰ কেভিন পিটাৰছেনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 18, 2020 10:35 pm

ইংলেণ্ডৰ প্ৰাক্তন তাৰকা বেটছমেন কেভিন পিটাৰছেনে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক সৰ্বকালৰ শ্ৰেষ্ঠ অধিনায়ক আখ্যা দিয়ে।

মহেন্দ্ৰ সিং ধোনীৰ শ্ৰেষ্ঠত্ব সম্পৰ্কে কোনোধৰণৰ বিতৰ্কৰ স্থান নাই বুলিও পিটাৰছেনে লগতে কয়।

স্টাৰ স্পোৰ্টছত দিয়া এটা সাক্ষাৎকাৰত পিটাৰছেনে ধোনীৰ নেতৃত্বত ভাৰতে অধিক সফলতা লাভ কৰা বুলি উল্লেখ কৰি ২০০৭ চনৰ টি-২০ বিশ্বকাপ আৰু ২০১১-ৰ এদিনীয়া বিশ্বকাপ বিজয়ৰ উদাহৰণ দাঙি ধৰে।

পিটাৰছেনে ধোনীৰ নেতৃত্বত ভাৰতে দুটা বিশ্বকাপ জয় কৰাৰ লগতে ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰাৰ কথাও উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিগত বৰ্ষৰ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছৰে পৰা মহেন্দ্ৰ সিং ধোনী ক্ৰিকেটাৰ পথাৰৰ পৰা আতৰি আছে।

কিছুদিন পূৰ্বে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছিৰ হুছেইনেও মহেন্দ্ৰ সিং ধোনীক প্ৰশংসা কৰি ধোনীক অৱসৰৰ পৰামৰ্শ দিয়া সকলে নিজে কিমান সফল সেই কথা উপলব্ধি কৰা উচিত বুলি মন্তব্য কৰিছিল।