NORTHEAST NOW (Assamese)
অসম

দুদিন ধৰি দীপৰ বিলত আবদ্ধ হৈ আছে এটা হাতী

Posted by: এন ই নিউজ ব্যুৰো, গুৱাহাটী : November 23, 2017 12:18 pm

দীপৰ বিলৰ ভিতৰত প্ৰায় দুদিন ধৰি এটা হাতী আবদ্ধ হৈ আছে যদিও এতিয়ালৈকে বন বিভাগৰ কোনো বিষয়া তাত উপস্থিত হোৱা নাই। স্থানীয় লোকে জনোৱা মতে বৰ্তমান হাতীটো আবদ্ধ হৈ থকা স্থানৰ পৰা কেই কিলোমিটাৰমান আঁতৰত কেইদিনমান আগতে এটা হাতী পোৱালি উদ্ধাৰ হৈছিল। হাতীটোৱে বনাঞ্চলৰ পৰা হেৰুওৱা পোৱালিটো বিচাৰি নামি আহিছিল। কিন্তু হাতীটো দীপৰ বিলত পৰি যায় আৰু উঠি আহিবলৈ সক্ষম হোৱা নাই। স্থানীয় লোকসকলে অভিযোগ কৰে যে তেওঁলোকে বন বিভাগৰ বিষয়াক কথাটো জনাইছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যদি সোনকালেই ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ’লে হাতীটো জীয়াই নাথাকিবও পাৰে। অৱশ্যে, বন বিভাগৰ বিষয়াই প্ৰকাশ কৰিছে যে আজি কেইদিনমান আগতে দীপৰ বিলৰ ওচৰৰ স্থানীয় লোকে এটা হাতী পোৱালি উদ্ধাৰ কৰি বন বিভাগক গতাই দিছিল। স্থানীয় লোকে সন্দেহ কৰিছে যে হাতীটো সেই পোৱালিটোৰে মাক হ’ব।