NORTHEAST NOW (Assamese)
অসম

চাহপাতৰ ফেক্টৰীত গ্ৰেনেড উদ্ধাৰ; গোলাঘাটত চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2019 5:25 pm
প্ৰতিনিধিত্বমূলক ছবি

স্বাধীনতা দিৱসৰ দিন চমু চাপি অহাৰ সময়তে আজি গোলাঘাটত গ্ৰেনেড উদ্ধাৰ হোৱা এক ঘটনাই স্থানীয় লোকসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে গ্ৰেনেডটো গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ সঞ্জীৱ গগৈ নামৰ এজন লোকৰ চাহপাতৰ ফেক্টৰীত উদ্ধাৰ কৰা হয়।

ফেক্টৰীটোত কৰ্মৰত এগৰাকী শ্ৰমিকে আজি পূৱাৰ ভাগত গ্ৰেনেডটো দেখা পাই ততালিকে আৰক্ষীৰ খবৰ দিয়ে। পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেনেডটো উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ আনে।

এই সম্পৰ্কত আৰক্ষীয়ে বাতৰি লিখা সময়লৈকে কাকো আটক কৰা নাই যদিও বিষয়টোৰ তদন্ত চলাই থকা হৈছে বুলি উল্লেখ কৰে।