NORTHEAST NOW (Assamese)
Popular Stories

গীত পৰিৱেশন কৰি অৰ্জন কৰা সা-সম্পত্তি পৰৱৰ্তী সময়ত ৰাইজকে দি যাম : জুবিন গাৰ্গ

Posted by: এন ই নাও নিউজ June 24, 2019 1:03 pm

দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ঝাৰোবড়ীত দেওবাৰে অৰ্থাৎ ২৩ জুনৰ নিশা আয়োজন কৰা এক সংগীতানুষ্ঠানত উপস্থিত থাকি জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰিছিল। ইয়াৰ মাজতে জুবিন গাৰ্গে মঞ্চৰ পৰা দলিয়াই দিলে তেওঁক সম্বৰ্ধনা জনোৱা গামোচা।

মঞ্চৰ পৰা বহিঃৰাজ্যৰ গামোচা দলিয়াই দি জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কয় যে, এই গামোচা দক্ষিণ ভাৰতৰ পৰা আহে আৰু এইবিলাকে আমাম শিপিনীসকলক ধ্বংস কৰি আছে।‘ লগতে সকলোকে বহিঃৰাজ্যৰ পৰা অহা গামোচা ক্ৰয় নকৰিবলৈ আহ্বান জনায়।

এই কাৰ্যৰ জৰিয়তে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে অসমীয়া জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দিয়া বুলি প্ৰশংসা কৰে জুবিনৰ অনুৰাগীসকলে।

আনহাতে ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক গীতটো পৰিৱেশন কৰি আৱেগিক হৈ পৰা জুবিন গাৰ্গে তেওঁৰ মৃত্যুৰ পিছত অসমীয়া ৰাইজক এই গীতটো গাবলৈও আহ্বান জনায়।

তাৰোপৰি গীত পৰিৱেশন কৰি যি সা-সম্পত্তি গঢ়িলে সেয়া পৰৱৰ্তী সময়ত ৰাইজৰ নামতেই দি যাব বুলিও শিল্পী গৰাকীয়ে প্ৰকাশ কৰে।