NORTHEAST NOW (Assamese)
অসম

‘শতায়ু জীৱন’ কটাই জাপানৰ আটাইতকৈ বয়সীয়াল সিংহিনীৰ মৃত্যু; ফুলেৰে শ্ৰদ্ধাঞ্জলি অজস্ৰজনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2025 10:01 am

জাপানৰ আটাইতকৈ বয়সীয়াল সিংহিনী অ’টোৰ মৃত্যু হৈছে। ১১ মাৰ্চত ২৫ বছৰ বয়সত অ’টোৰ মৃত্যু হয়। সিংহৰ জীৱনৰ ২৫ বছৰ মানুহৰ জীৱনৰ এশ বছৰৰ সমতুল্য। সেয়ে তাক শতায়ু পোৱা বুলি ক’ব পাৰি।

তাৰ দীৰ্ঘায়ুৰ বাবেই ইতিমধ্যে এক জীৱন্ত কিংবদন্তি হৈ পৰিছিল। ১৯৯৯ চনত হকাইডোৰ আছাহিয়ামা চিৰিয়াখানাত জন্মগ্ৰহণ কৰিছিল অ’টোৱে। ২০০১ চনৰ পৰা আইচি প্ৰিফেকচাৰৰ টয়োহাছি চিৰিয়াখানাই হৈছে ইয়াৰ বাসস্থান।

অ’টোৰ মৃত্যুত চিৰিয়াখানা কৰ্তৃপক্ষ ম্ৰিয়মান হৈ পৰিছে। অট’ৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁলোকে নিজৰ ৱেবছাইটত কয় যে, “অ’টো সমগ্ৰ দেশৰ সিংহপ্ৰেমীৰ প্ৰিয় আছিল। ই অসংখ্য দৰ্শনাৰ্থীক আনন্দিত কৰিছে। তাৰ স্মৃতি চিৰদিনৰ বাবে থাকিব। নিজৰ উপস্থিতিৰে আমাক ধন্য কৰাৰ বাবে আমি তাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰো। প্ৰাৰ্থনা কৰিছো যাতে সি শান্তিৰে শুই থাকে।”

কেৱল চিৰিয়াখানা কৰ্তৃপক্ষই নহয়, সাধাৰণ জনতাও অ’টোৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টয়োহাছি চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান স্থানীয় লোকৰ মাজত ননহোই পাৰ্ক নামেৰে বেছি পৰিচিত। তাত তেওঁলোকে ১১ মাৰ্চৰ পৰা ২০ মাৰ্চলৈকে অ’টোক ফুলেৰে শ্ৰদ্ধাঞ্জলি জনাইছে।

বন্য পৰিৱেশত গড়ে ১০ বছৰ জীয়াই থাকে সিংহ। আৰু বন্দী অৱস্থাত থকা সিংহৰ গড় আয়ুস ২০ বছৰ। গতিকে অ’টোৰ বয়স ২৫ বছৰ ৫ মাহ হোৱাটো স্বাভাৱিকতে চৰ্চাৰ বিষয়। দ্য জাপান টাইমছৰ এক প্ৰতিবেদন অনুসৰি বয়স বহু বেছি হোৱাৰ পিছতো তাৰ কোনো শাৰীৰিক ৰোগ নাছিল। গাৰ নোমবোৰ চিকচিকিয়া হৈ আছিল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ শেষৰ ফালৰ পৰা সি কমকৈ খাইছিল। টোপনি বাঢ়ি গৈছিল।

অ’টোৰ আগতে জাপানৰ আটাইতকৈ বয়সীয়াল সিংহৰ খিতাপ ব্লু নামৰ এটা সিংহৰ হাতত আছিল। ২০২০ চনৰ ৩১ জানুৱাৰীত কিয়’ট’ চিটি চিৰিয়াখানাত তাৰ মৃত্যু হয়। তাৰ বয়সো আছিল ২৫ বছৰৰ ওপৰত। নীলৰ আগতে লিঅ’ নামৰ আন এটা মতা সিংহৰ আছিল এই খিতাপ। যদিও তাৰ জন্মৰ সঠিক তাৰিখ জানিব পৰা হোৱা নাই, তথাপিও তাৰ মৃত্যুৰ সময়ত বয়স ২৪ বছৰ ছমাহ আছিল বুলি ধাৰণা কৰা হৈছে। ২০১৩ চনত জাপানৰ হনছু দ্বীপৰ ইয়ামাগুচি প্ৰিফেকচাৰৰ টকুয়ামা চিৰিয়াখানাত তাৰ মৃত্যু হয়।