NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকলৈ পঞ্চাশ ইউনিট তেজ ৰেচকিউৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ April 19, 2020 8:33 pm
Lockdown: Sivasagar NGO Rescue donates 50 units of blood to district civil hospital

লকডাউনৰ মাজতে শিৱসাগৰৰ অন্যতম সমাজসেৱী অনুষ্ঠান ৰেছকিউ-এ শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকলৈ পঞ্চাশ ইউনিট তেজ আগবঢ়াইছে।

ৰেছকিউৰ ৰক্তদানৰ মহৎ কাৰ্য্য অত্যন্ত জৰুৰী আৰু সময়োপযোগী বুলি বিবেচিত হৈছে। কাৰণ, লকডাউনৰ সময়ত চিকিৎসালয়খনৰ ব্লাড বেংকত তেজৰ নাটনি হৈছিল।

ফলত লকডাউনৰ মাজতে এক অভাৱনীয় সমস্যাই দেখা দিছিল।

কিন্তু, এই কথা জানিব পাৰি ৰেচকিউ-এ একাংশ সচেতন ব্যক্তি, বিভিন্ন দল-সংগঠন, ই মিডিয়া আৰু জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰে।

সম্পূৰ্ণ চাফ-চিকুণকৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখি আয়োজন কৰা এই ৰক্তদান শিবিৰত পঞ্চাশ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে।

যুৱতী তথা কৰ্তব্যৰত আৰক্ষীয়েও শিৱিৰটোত ৰক্তদান কৰে।

“ৰক্তদান মহৎ দান”– এই উদ্দেশ্য আগত ৰাখি বিগত কিছু বছৰ ধৰি ৰেচকিউ-এ ৰক্তদানৰ কাম কৰি আহিছে।

লকডাউনৰ সময়ত ৰেচকিউৰ এই মহৎ কাৰ্যক শিৱসাগৰবাসীয়ে প্ৰশংসা কৰিছে।