NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীৰ এইবোৰ কি কাণ্ড? সস্তীয়া নাচ-বাগেৰে মানুহৰ মন মুহিব বিচাৰিছে!

Posted by: পৰেশ মালাকাৰ Updated by: পৰেশ মালাকাৰ May 1, 2024 9:25 pm

সাধাৰণ নিৰ্বাচন আৰম্ভ হৈছে। ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হৈ গ’ল। এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। নিৰ্বাচনী প্ৰচাৰত কোনবোৰ বিষয়ে গুৰুত্ব পোৱা উচিত? এই ক্ষেত্ৰত দুটা কথা গুৰুত্বপূৰ্ণ। এটা হ’ল, দলীয়  ইস্তাহাৰ। কি কৰ্মসূচী আৰু প্ৰতিশ্ৰুতি লৈ একোটাহঁত দলে নিৰ্বাচনত নামিছে? সেইটো সকলো দলৰ ক্ষেত্ৰতে খাটে।সেইকাৰণে, নিৰ্বাচন খেলা প্ৰতিটো দলেই নিৰ্বাচনৰ আগে আগে নিজৰ নিৰ্বাচনী ইস্তাহাৰ বাহিৰ কৰাটো নিয়ম।কিন্তু শাসনাধিস্থ দলৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ।তেওঁলোকে যোৱাবাৰৰ নিৰ্বাচনত ভোট বিচৰাৰ সময়ত ৰাইজক কি প্ৰতিশ্ৰুতি দিছিল? আৰু যোৱাটো কাৰ্যকালত তেওঁলোকে তাৰ কিমানখিনি পূৰণ কৰিলে? নে সেইখিনি কৰাৰ উপৰিও অতিৰিক্তভাবেও কিছু নতুন আঁচনি ল’লে? চৰকাৰ এখনৰ কাম দুই প্ৰকাৰৰঃ কিছুমান নিয়মীয়া ৰুটিন মাফিক আৰু আন কিছুমান হ’ল  নতুন উদ্যোগ বা উদ্ভাৱনী মূলক।নিয়মীয়া কামবোৰ কি? যেনে ধৰক- স্বাস্থ্য, শিক্ষা, গড়কাপ্তানী, আৰু তেনে নানানটা বিভাগৰ বিভিন্ন ধৰণৰ কাম। এখন চৰকাৰৰ তেনে কামেই বেছি। তাৰে বহু কাম হয়তো আগৰে পৰা চলি অহা। সেই কামবোৰ চলাই নিওঁতে চৰকাৰখনে কাম বোৰ ঠিকে ঠাকে কৰিছেনে? অৰ্থাৎ কাৰোৰে প্ৰতি কোনো বৈষম্য আৰু পক্ষপাতিত্ব নকৰাকৈ তেওঁলোকে সেই কামবোৰ সম্পন্ন কৰিছেনে? এতিয়া শাসক দল কোনটো? বিজেপি। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি চাবলগা কথা হ’ল- তেওঁলোকে আগতে যিবোৰ কাম কৰিম বুলি কৈছিল, যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেইবোৰ কাৰ্যকৰী কৰিছেনে? তেওঁলোকে কি কৰিম বুলি কৈছিল? আটাইবোৰ কথা উল্লেখ কৰি আমি প্ৰাসংগিক প্ৰশ্ন দীঘলীয়া কৰিব নিবিচাৰোঁ। মাত্ৰ মূল মূল কেইটামান কথা ইয়াত উল্লেখ কৰিব বিচাৰোঁ। কথা আছিল বছৰি ২ কোটিকৈ চাকৰি দিয়াৰ। কিন্তু এতিয়া ভাৰতত চাকৰি নোহোৱা লোকৰ সংখ্যা যোৱা ৪৫ বছৰৰ ভিতৰত আটাইতকৈ বেছি।মানে নিবনুৱা সমস্যা ভয়াবহ।  কথা আছিল ভ্ৰষ্টাচাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ। কিন্তু বাস্তৱত আমি কি দেখিলোঁ? বিজেপিৰ মানুহে দুৰ্নীতি কৰিলে কাৰো একো জগৰ নালাগে।কিন্তু বিৰোধীৰ কাৰোবাৰ যদি সামান্যও ইফাল সিফাল হয় তেওঁলোকক ধৰি জেলত সুমুওৱা হয়।আৰু দুৰ্নীতি কৰাৰ পিছত যদি তেওঁলোকে বিজেপিত জইন কৰে তেওঁলোকৰ বিৰুদ্ধেও কোনো ব্যৱস্থা লোৱা নহয়।The Indian Express-এ আজিৰ পৰা তিনি কি চাৰি সপ্তাহ আগতে প্ৰকাশ কৰা প্ৰতিবেদনটো চাব। তাৰপিছত নিৰ্বাচনী বণ্ডৰ কথা কোৱাৰতো প্ৰয়োজনেই নাই, যিটোক স্বয়ং কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ স্বামী পৰকলা প্ৰভাকৰে বিশ্বৰ আটাইতকৈ ডাঙৰ বিত্তীয় কেলেংকাৰী  বুলি কৈছে।কৃষকৰ আয় দুগুণ কৰা। বাদ দিয়ক। আমি সকলোৱে দেখিছোঁ তেওঁলোকে কৃষকক কেনেকৈ নগুৰ নাগতি কৰিছে।মহিলাৰ সুৰক্ষা? মণিপুৰলৈ চাওক। আৰু এতিয়া দেৱে গৌড়াৰ নাতিয়েক প্ৰজ্বল ৰেভান্নাক যে প্ৰাৰ্থীত্ব দিছে দেখিছেনে? সেই যুৱকজনে কিমান মহিলাক কি কৰিছে? কিমানৰ লগত কিমান যৌন অত্যাচাৰ চলাইছে? বলপূৰ্বক শ শ মহিলাৰ লগত যৌন কাৰ্যত লিপ্ত হ’ব আৰু তাৰ ভিডিও কৰিব। তেনে ২৯৭৬ হাজাৰটি ভিডিও থকা পেন ড্ৰাইভ এটা পোৱা গৈছে।তেওঁৰ লগত এইখন কাৰ ছবি চাওক। ছি ছি!~ তেনে মানুহৰ লগত কোনোবাই হলিগলি কৰেনে? গতিকে বিজেপিৰ আগৰ প্ৰতিশ্ৰুতি বোৰ সকলো অৰ্থহীন? ফুটুকাৰ ফেন। আগৰ কথাবোৰৰ কথা কৈ  তেওঁলোকে এতিয়া ভোটাৰৰ ওচৰলৈ যাব নোৱাৰে। কিয়নো মানুহক দেখুৱাবলৈ তেওঁলোকৰ হাতত এতিয়া  একোৱেই নাই। সেইকাৰণে এতিয়া তেওঁলোকে কি কৰিছে? কংগ্ৰেছৰ বিষয়ে সঁচা-মিছা সানমিহলি কৰি ৰাইজৰ ওচৰলৈ গৈ ভোট বিচাৰিছে।হাৰে, তোমালোক আজি দহ বছৰে শাসনত আছা। তোমালোকে দহ বছৰত ৰাইজৰ কাৰণে কি ভাল কাম কৰিলা তাক দেখুৱাইহে ৰাইজৰ ওচৰলৈ গৈ ভোট বিচাৰিব লাগে।কংগ্ৰেছৰ কথা কিয় কৈছা? যোৱা দহবছৰে তেওঁলোক শাসনত আছিল নেকি? প্ৰধানমন্ত্ৰীৰ আসনত থকা মানুহজনে ৰাজস্থানত কি ভাষণ দিলে দেখিলে। উস ৰাম, মানুহে ইমান মিছা কথা কয়নে?

আৰু অসমত আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখিছে? ক’ৰবাত ক’ব তেওঁলোকক মুছলমানৰ ভোট নালাগে। এদিন ক’ব, মিছন বসুন্ধৰা মিঞাৰ কাৰণে নহয়। আন এদিন ক’ব, হয়। মানে কথাৰ কোনো লাগ-বান্ধ নাই। আৰু এতিয়া আৰু এটা নতুন দৃশ্য আমি দেখিবলৈ লৈছোঁ।এতিয়া মুখ্যমন্ত্ৰীয়ে নাচক নিৰ্বাচনী প্ৰচাৰৰ এক আহিলা কৰি লৈছে।মুখ্যমন্ত্ৰীয়ে নাচিব আৰু বিকৃত ৰুচিৰ মহিলা  কিছুমানে তেওঁক জোৰকৈ চুমা খাব। এইটো কি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ? ক’ব লাগে শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থান, মূল্যবৃদ্ধি আদিৰ কথা। কিন্তু মুখ্যমন্ত্ৰীয়ে কৰিছে কি, সেইবোৰৰ পৰা মানুহৰ মনোযোগ আঁতৰাই সস্তীয়া নাচ-বাগেৰে মানুহৰ মন মুহিব বিচাৰিছে।এইবোৰ কি কাণ্ড? ইমান গুৰুত্বপূৰ্ণ পদবীত থকা মানুহ এজনে এইবোৰ কৰি সকলো সম্ভ্ৰম ভুচি কৰি দিয়া নাইনে? আৰু তাকে দেখি তৰল মস্তিষ্কৰ মানুহ এচামে পগলা হৈ আছে? হয়, গুৰুত্বপূৰ্ণ পদবীত থকা মানুহহেও কেতিয়াবা কোনো কোনো সময়ত প্ৰতীকী অৰ্থত এপাক নাচি দিয়ে বা বল এটা দলি মাৰি দিয়ে বা তেনেকুৱা কাম কৰে। সেইবোৰ বেলেগ কথা। সেইবোৰ তেওঁলোকে মৰ্যাদাৰে কৰিবই পাৰে। কিন্তু মুখ্যমন্ত্ৰী জনে নিজে নাচি, নাচক এক নিৰ্বাচনী ৰণ- কৌশল হিচাপে ব্যৱহাৰ কৰাটো কেনে কথা? ভোটৰ কাৰণে, ক্ষমতাৰ কাৰণে মানুহ নিৰ্বাচনী প্ৰচাৰৰ দৰে বিষয় এটাক এনে লঘু কৰি পেলোৱাটো বৰ লজ্জাকৰ।নীলমণি ফুকনৰ ‘নৃত্যৰতা পৃথিৱী’ এখন সুন্দৰ কবিতা পুথি। তাৰ কবিতাবোৰ পঢ়ি আমি আপ্লুত হওঁ। কিন্তু  ‘নৃত্যৰত’ মুখ্যমন্ত্ৰীয়ে আমাক হতবাক কৰে। আমাক লাজ দিয়ে।