NORTHEAST NOW (Assamese)
Popular Stories

পূৰ্বৰ বছৰৰ তুলনাত নিম্নগামী মেট্ৰিকৰ ফলাফল… কিমান হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2025 3:37 pm
পূৰ্বৰ বছৰৰ তুলনাত নিম্নগামী মেট্ৰিকৰ ফলাফল… কিমান হ্ৰাস পালে উত্তীৰ্ণৰ হাৰ?

বিগত বৰ্ষৰ তুলনাত এইবাৰ নিম্নগামী হৈছে মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৬৩.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয় মেট্ৰিক পৰীক্ষাত।ইয়াৰ বিপৰীতে যোৱা বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৭৫.৭ শতাংশ। তদুপৰি ২০২৩ বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৭২.৬ শতাংশ।

এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ অৱনমিত হোৱাৰ কাৰণ কি? কি ব্যৱস্থা লব শিক্ষা বিভাগে? এই সন্দৰ্ভত মুখ খুলিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

ধেমাজিত আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল আয়োজন কৰি এই সন্দৰ্ভত মতামত ব্যক্ত কৰে। শিক্ষা মন্ত্ৰী পেগুৱে কয়, ‘‘ফলাফল নিম্নগামী হোৱা জিলাসমূহৰ জিলা আয়ুক্তৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হব৷’’

শিক্ষা বিভাগ বিশেষভাৱে উদ্বিগ্ন অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফলক লৈ। আগন্তুক দিনত উক্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ বাবে মান উন্নীত কৰাৰ পদক্ষেপ লব বিভাগে৷

উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা বৃদ্ধি কৰাৰ পৰিকল্পনাৰ কথাও সদৰি কৰে ৰণোজ পেগুৱে। উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্দৰ্ভতো গুৰুত্ব পূৰ্ণ মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ। শীঘ্ৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব বুলি কয় পেগুৱে।