NORTHEAST NOW (Assamese)
Popular Stories

১০০০ দিন ধৰি হৈছে ঋতুস্ৰাৱ! কি বিৰল ৰোগত আক্ৰান্ত হৈছে এই যুৱতীগৰাকী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2025 4:19 pm

ঋতুস্ৰাৱৰ সময়ত বহু মহিলা বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হয়। পেট আৰু কঁকালৰ বিষ, বমি, সঘনাই টোপনি অহা, ভাগৰুৱা অনুভৱ আদি সকলোবোৰ সেই বিশেষ দিনবোৰৰ সাধাৰণ সংগী। অত্যধিক ৰক্তক্ষৰণৰ উপৰিও বহু মহিলাৰ ঋতুচক্ৰ কেইবাদিনো চলি থাকে। দহৰ পৰা পোন্ধৰ দিনলৈকে থাকে। কিন্তু ১০০০ দিন ঋতুস্ৰাৱ? হয়, আপুনি ঠিকেই শুনিছে। এনে এক বিৰল ৰোগৰ বলি হৈছে এগৰাকী আমেৰিকান যুৱতী। সেইবাবেই তেওঁ এতিয়া মানসিক বিষণ্ণতাত ভুগিছে।

জানিব পৰা মতে যুৱতীগৰাকীৰ নাম পপী। টিকটকত তেওঁ যথেষ্ট জনপ্ৰিয়। পপীয়ে নিজেই নিজৰ অসুস্থতাৰ কথা সকলোৰে সৈতে ভাগবতৰা কৰিছে। সাধাৰণতে ছোৱালীৰ ঋতুস্ৰাৱ ২১ৰ পৰা ৩৫ দিনৰ ভিতৰত হয়। যিটো ২ৰ পৰা ৭ দিনলৈকে থাকে। বয়স, হৰমনৰ সমস্যা আৰু জীৱনশৈলীৰ ওপৰত এইবোৰ কাৰক নিৰ্ভৰ কৰে। আমেৰিকাৰ এটা সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ১৪ৰ পৰা ২৫ শতাংশ মহিলাৰ ঋতুস্ৰাৱ অনিয়মিত হয়। কিন্তু পপীৰ সমস্যা অত্যন্ত বিৰল।

প্ৰতিবেদনত প্ৰকাশ পাইছে যে, চিষ্টৰ উপৰিও পপীৰ জৰায়ুটো হৃদযন্ত্ৰৰ আকৃতিৰ। অৰ্থাৎ এটা নহয়, দুটা জৰায়ু একেলগে সংযুক্ত হৈ। যিটো বিৰল। বিশ্বৰ ৫ শতাংশ মহিলাৰ ক্ষেত্ৰত এনেকুৱা হয়। আৰু ইয়াৰ বাবেই ১০০০ দিন ধৰি ঋতুস্ৰাৱ চলি আছে। ফলত পপী স্বাভাৱিকতে শাৰীৰিকভাৱে অতি দুৰ্বল হৈ পৰিছে। তেওঁৰ মানসিক স্বাস্থ্যৰো প্ৰভাৱ পৰিছে। এতিয়াৰ বাবে পপীয়ে চিকিৎসকৰ পৰামৰ্শ মতে অস্ত্ৰোপচাৰৰ জৰিয়তে সমস্যা সমাধানৰ চেষ্টা চলাইছে।