NORTHEAST NOW (Assamese)
Popular Stories

অসমত আৰু এজন COVID19 মুক্ত; ১৮ জনলৈ বৃদ্ধি পালে আৰোগ্য সংখ্যা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 20, 2020 12:39 pm

অসমৰ বাবে সুখবৰ। ৰাজ্যখনত বৰ্তমানলৈ ক’ৰ’নাত আক্ৰান্ত ১৮ জন ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে। এই কথা সামাজিক মাধ্যম যোগে জনালে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি সোমবাৰে সোণাপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হজৰত আলী নামৰ কৰ’নাত আক্ৰান্ত ৰোগী গৰাকীয়ে সুস্থ হৈ উঠে ৷ তেখেতক আজি সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

হজৰত আলীক দুবাৰকৈ ক’ৰ’না ভাইৰাচৰ স্থিতি সম্পৰ্কে পৰীক্ষা কৰা হয় আৰু পৰীক্ষাৰ ফলাফল ঋণাত্মক পোৱা যায়।

অসমত ৩৪ গৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছিল। ইয়াৰে এজন মৃত্যুমুখত পৰাৰ লগতে ১৫ গৰাকী ক’ৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ১৮ গৰাকীক সুস্থ হৈ উঠাৰ বাবে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।