NORTHEAST NOW (Assamese)
Popular Stories

লকডাউন : FCI-এ উত্তৰ-পূবলৈ যোগান ধৰিছে ৩.৫১ লাখ টন পি ডি এছ খাদ্য সামগ্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2020 4:56 pm
23de89c0cdad7333063f0cfd36434637

যোৱা ২৪ মাৰ্চৰ পৰা চলি থকা লকডাউনৰ সময়চোৱাত ভাৰতীয় খাদ্য নিগম (এফ চি আই)এ পূৰ্বোত্তৰ অঞ্চলৰ ৰেশ্যন দোকান সমূহৰ জৰিয়তে দুখীয়া লোকৰ মাজত প্ৰায় ৩.৫১ লাখ টন চাউল যোগান ধৰিছে।

এই সন্দৰ্ভত এফ চি আইয়ে জনোৱা মতে ৩.৫১ লাখ টনৰ ভিতৰত ১.৭৪ লাখ টন প্ৰধান মন্ত্ৰীৰ গৰীব অন্ন যোজনা আৰু বাকী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰদান কৰা হৈছে।

উল্লেখ্য যে লকডাউনৰ বাবে কেন্দ্ৰীয় চৰকাৰে পি এম জি এ ৱাইৰ অধীনত সুবিধা লাভ কৰা প্ৰতিগৰাকী লোককে তিনি মাহলৈকে বিনামূলীয়াকৈ পাঁচ কিলোগ্ৰাম চাউল আৰু প্ৰতিটো পৰিয়ালক ১ কেজিকৈ দাইল প্ৰদান কৰি আছে।

ইফালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ৮১ কোটি লাভাৰ্থক ৫ কেজিকৈ চাউল প্ৰদান কৰি থকা হৈছে।

এফ চি আইয়ে পূৰ্বোত্তৰ অঞ্চলক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰসংগত খাদ্য মন্ত্ৰ্যালয়ে কয়, ‍‘পূৰ্বোত্তৰ অঞ্চল পি ডি এছত অধিক নিৰ্ভৰশীল, সেয়ে ইয়াত চাউল আৰু আটাৰ যোগানত গুৰুত্ব আৰোপ কৰা হৈছে’।

উল্লেখ্য যে এই পৰ্যন্ত অসমক ২.১৬ লাখ টন, মেঘালয়ক ৩৮ হাজাৰ টন, ত্ৰিপুৰাক ৩৩ হাজাৰ টন, মণিপুৰক ১৮ হাজাৰ টন, অৰুণাচল প্ৰদেশক ১৭ হাজাৰ টন, মিজোৰামক ১৪ হাজাৰ টন আৰু নাগালেণ্ডক ১৪ হাজাৰ টন খা্দ্য সামগ্ৰী প্ৰদান কৰা হৈছে।