NORTHEAST NOW (Assamese)
Popular Stories

মহম্মদ কাঈফক কিয় সতৰ্ক হ’বলৈ কৈছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 20, 2020 9:32 pm
Sachin-Tendulkar-

ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে মহম্মদ কাঈফৰ সৈতে ঘটা এটা আমোদজনক ঘটনা মনত পেলাইছে, য’ত তেওঁ কাঈফক এটা নতুন নাম দিয়া বুলি অনুৰাগীসকলক জনাইছে।

শচীনে ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে বন্ধ হোৱা ৰোড ছেফটি ৱৰ্ল্ড ছিৰিজৰ সময়তে এই ঘটনাটো ঘটা বুলি জনায়।

ইণ্ডিয়া লিজেণ্ডছক প্ৰতিনিধিত্ব কৰা শচীনে কয় যে ৰোড ছেফটি ছিৰিজৰ প্ৰথম মেচত কাঈফ খুব ছিৰিয়াছ হৈ আছিল আৰু ফিল্ডত সৰ্বোচ্চ উজাৰি দিছিল। এই প্ৰসংগত কার্ফক ধেমালি সুৰত কোৱা হৈছিল যে টুৰ্ণামেণ্টত কেইবাখনো মেচ বাকী আছে।

শচীনে এটা য়ু টিউব চেনেলত কয়, ‍‘আমি কাঈফক সতৰ্ক হ’বলৈ ক’বলগীয়া হৈছিল। আমি তেওঁৰ নাম ‍‘ভাই চাহাব, ভাই চাহাব, থোড়া সম্ভালকে’ ৰাখিছিলো। টুৰ্ণামেণ্টৰ এইখন প্ৰথম মেচ আছিল আৰু আমি বহু কেইখন মেচ খেলিব বাকী আছে’।

তেওঁ লগতে কয়, ‍‘কি হ’ব যদি তুমি আঘাত পোৱা। তেওঁৰ বাবে ফিল্ডিঙত ডাইভ লগোৱা স্বাভাৱিক আছিল। বাস্তৱত তেওঁ বহুত ফিট আছিল। তেওঁ দলৰ এগৰাকী ভাল ফিল্ডাৰ আছিল’।