চৰকাৰে ৩ মে’ৰ পিছতহে বিদেশত আৱদ্ধ ভাৰতীয় লোক সন্দৰ্ভত ল’ব সিদ্ধান্ত

চীনৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত আছে বিশ্বৰ বিভিন্ন প্ৰান্তত। মহামাৰী কোভিদ-১৯ প্ৰতিৰোধৰ বাবে ভাৰতত ৩ মে’লৈকে লকডাউন বৃদ্ধি কৰা হৈছে।যাৰ বাবে বহু ভাৰতীয় লোক আৱদ্ধ হৈ আছে বিদেশত।
আৱদ্ধ এই লোকসকল ভাৰতলৈ ঘূৰি অহাৰ বাবে অপেক্ষা কৰি আছে যদিও কেন্দ্ৰীয় চৰকাৰে ৩ মে’ৰ পিছতহে এই সম্পৰ্কে সিদ্ধান্ত ল’ব বুলি এটা চৰকাৰী সূত্ৰই জানিব দিয়ে।
সূত্ৰটোৱে জানিব দিয়া মতে চৰকাৰে বিদেশত আৱদ্ধ হৈ থকা ছাত্ৰ, চাকৰি হেৰুওৱা লোক আৰু ফুৰিবলৈ যোৱা লোকসকলৰ তথ্য সংগ্ৰহ কৰি আছে। কিন্তু সিদ্ধান্ত লকডাউনৰ পিছতহে ল’ব।
জানিব পৰা মতে অষ্ট্ৰেলিয়া, বৃটেইন, কানাডা, ছিংগাপুৰ, ৰাছিয়া, জাৰ্মানী, আমেৰিকা, মালেয়ছিয়া, ফিলিপিন্সৰ দৰে দেশত হাজাৰ-হাজাৰ ছাত্ৰ আৱ্দ্ধ হৈ আছে। ক’ৰ’নাৰ বাবে য়ুকে আৰু কানাডাতো বহু লোক আৱদ্ধ হৈ আছে।
ইয়াৰ উপৰি উপসাগৰীয় দেশ সমূহত আৱদ্ধ হৈ থকা প্ৰায় ১০ লাখ ভাৰতীয় লোক স্বদেশলৈ উভতি আহিব বিচাৰিছে।
আনহাতে সূত্ৰটোৱে লাভ কৰা তথ্য অনুসৰি, এই পৰ্যন্ত ৩৫ হাজাৰ লোকক তাৎক্ষণিক সহায়ৰ প্ৰয়োজন আছে। সেয়ে কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চিন্তা-চৰ্চা তথা আলোচনা কৰি আছে।