NORTHEAST NOW (Assamese)
Popular Stories

এটা মহান কামৰ বাবে বিশ্বকাপত ব্যৱহাৰ কৰা বেট নিলামত দিলে কে এল ৰাহুলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 7:50 am
K L Rahul

ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন কে এল ৰাহুলে বঞ্চিত শিশুসকলৰ সহায়ৰ বাবে যোৱা বৰ্ষৰ বিশ্বকাপত ব্যৱহাৰ কৰা বেটখন আৰু কিছু অন্য সামগ্ৰী নিলাম কৰি আছে।

এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ৰাহুলে কয় যে নিলামৰ পৰা লাভ কৰিব লগীয়া ধনৰাশি অৱাৰে ফাউণ্ডেশ্যনলৈ যাব আৰু তেওঁলোকে বঞ্চিত আৰু দুখীয়া শ্ৰেণীৰ শিশুসকলক শিক্ষাৰ প্ৰদানৰ বাবে কাম কৰিব।

ৰাহুলে কয়, ‍‘মই পেড, গ্লোভছ, হেলমেট আৰু কেইটামান জাৰ্চি সহযোগী ভাৰত আৰ্মিক প্ৰদান কৰিছো। তেওঁলোকে এইবোৰ নিলাম কৰিব আৰু তাৰ পৰা লাভ কৰা ধনৰাশি অৱাৰে ফাউণ্ডেশ্যনলৈ যাব’।

‍‘এই ফাউণ্ডেশ্যনটোৱে শিশুসকলৰ সহায়ৰ বাবে কাম কৰে। এনেধৰণৰ কামৰ বাবে সহায় আগবঢ়াবলৈ পাই সুখী’ বুলি ৰাহুলে মন্তব্য কৰে।

জানিব পৰা মতে সোমবাৰৰ পৰা আৰম্ভ হোৱা নিলামত ৰাহুলে সকলো লোককে অংশ  ল’বলৈ কয়। তেওঁ লগতে এই সংকটৰ সময়ত সকলো একত্ৰিত হৈ থাকিলেহে ই?আৰ পৰা মুক্ত হ’ব পাৰিম বুলি কয়।