NORTHEAST NOW (Assamese)
অসম

প্ৰতি গৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তিনি দিনৰ অন্তৰে অন্তৰে জিলাৰ দায়িত্বত থকা মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ আহ্বান মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 6:31 pm
Sonowal

লকডাউনৰ নীতি-নিয়ম পালন কৰা আৰু এই ক্ষেত্ৰত যিবোৰ শিথিলতা অনা হৈছে সেই ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰাখি তাক সঠিক ৰূপন পালন কৰাটো সুনিশ্চিত কৰাৰ বাবে প্ৰতিগৰাকী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে জিলাৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীৰ সৈতে প্ৰতি তিনি দিনৰ অন্তৰে অন্তৰে বৈঠকত মিলিত হ’ব লাগিব।

আজি কামৰূপ মহানগৰ জিলাত কোভিদ-১৯ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ উদ্দেশ্যৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালায়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত সোণোৱালে এই নিৰ্দেশ দিয়ে।

আনহাতে, ল’কডাউনৰ সময়ত খাদ্য যোগানৰ প্ৰক্ৰিয়াটোত যাতে কোনেও আউল লগাব নোৱাৰে সেই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ যোগান বিভাগক নিৰ্দেশ দিয়ে সোণোৱালে। যিসকলে  অনিয়মত জড়িত হ’ব তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিয়াৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে বুলিও মুখ্য মন্ত্ৰীয়ে লগতে কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে, ৰেচন কাৰ্ড নথকা পৰিয়ালসমূহৰ প্ৰতিগৰাকী ব্যক্তিলৈ ৫ কেজিকৈ চাউল দিয়াৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে আৰু এই চাউল সঠিক ৰূপত বিতৰণ নহ’লে চক্ৰ বিষয়াসকল দায়বদ্ধ হ’ব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে কয় যে উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হিচাপে কামৰূপ মহানগৰ জিলাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই জিলাখনে গ্ৰহণ কৰা ভূমিকাই ৰাজ্যখনৰ, উত্তৰ-পূবৰ তথা ৰাষ্ট্ৰখনৰে দৃষ্টি আকৰ্ষণ কৰে বুলি মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰীয়ে কয় যে জিলাখনৰ বিভিন্ন ঠাইত প্ৰশাসনে আশ্ৰয়ৰ বাবে যি ব্যৱস্থা কৰিছে আৰু তাত যি ১২৩০ গৰাকী ৰাজ্যৰ বাহিৰৰ লোক আছে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখিন হ’ব নালাগে তাক সুনিশ্চিত কৰিব লাগিব।

তদুপৰি, মুখ্য মন্ত্ৰী সোণোৱালে খেতিয়কৰ উৎপাদিত সামগ্ৰীসমূহ যাতে বজাৰৰ অভাৱত নষ্ট হৈ নাযায় সেই দিশত সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণৰ বাবেও বিভাগটোক নিৰ্দেশ দিয়ে।