NORTHEAST NOW (Assamese)
Popular Stories

লোকসভাৰ সচিবালয়ৰ ‘হাউছকীপাৰ’ৰ শৰীৰত ক’ৰ’না ভাইৰাছ; এঘাৰজনক কোৱাৰেন্টাইন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 6:25 pm
2579 persons test Covid19 positive in Assam on Tuesday

ৰাষ্ট্ৰপতি ভৱনৰ পিছত এইবাৰ লোকসভাৰ সচিবালয়তো ওলাল কোভিড-১৯ পজিটিভ।

লোকসভাৰ সচিবালয়ৰ এজন ‘হাউছকীপাৰ’ৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

লোকসভাৰ সচিবালয়ৰ ক’ৰ’না আক্ৰান্ত লোকজন যোৱা কিছুদিন ধৰি কৰ্তব্যত অনুপস্থিত আছিল।

লোকজনে জ্বৰ, কাহ ভুগি থকাৰ লগতে উশাহত কষ্ট পোৱাত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিশ্চিত হৈছে।

সংবাদ প্ৰতিষ্ঠান পি টি আইৰ মতে লোকজনক মঙলবাৰে দিল্লীৰ ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয়।

লোকজনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ লগে লগে তেওঁৰ পৰিয়ালৰ ১১ জন লোকৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। এই মুহূৰ্তলৈকে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল লাভ কৰা নাই স্বাস্থ্য বিভাগে।

সংবাদ প্ৰতিষ্ঠান পি টি আইৰ মতে উক্ত ১১ জন লোকক চেন্ট্ৰেল দিল্লীত কোৱাৰেণ্টাইন কৰা হৈছে।