NORTHEAST NOW (Assamese)
অসম

ল’কডাউনৰ মাজতে কৰ্তব্যৰত আৰক্ষী, চিকিৎসা আৰু সংবাদকৰ্মীক তামুলপুৰত আছুৰ সম্বৰ্ধনা

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক April 21, 2020 5:54 pm
AASU Feleciated

ল’কডাউনৰ মাজতেই সামাজিক দূৰত্ব বজাই ৰাখি আজি তামুলপুৰত সদৌ বাকছা জিলা ছাত্র সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে।

কোভিদ-১৯-ৰ সংক্ৰমণৰ এই সংকটপূৰ্ণ সয়মত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি অহৰহ নিজৰ দায়িত্বত ব্ৰতী হৈ থকা তামুলপুৰ আৰক্ষী থানাৰ আটাইকেইগৰাকী বিষয়া, কনিষ্টবল, তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া, চিকিৎসক, নাৰ্ছ তথা অন্যান্য কৰ্মচাৰী আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ কেইবাগৰাকীও সংবাদ কৰ্মীক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে জিলাখনৰ আছু কৰ্মী সকলে।

সদৌ বাকছা জিলা ছাত্ৰ সন্থাৰ সভাপতি গোবিন্দ শৰণীয়া, সদৌ তামুলপুৰ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুমুদ ডেকা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰী আৰু সাধাৰণ সম্পাদক অনুপ কলিতাৰ নেতৃত্বত এনেদৰে আৰক্ষী, স্বাস্থ্য বিভাগ আৰু সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰথম শাৰীত থাকি যুঁদ্ধ অব্যহত ৰখা এই সকল কৰ্মীৰ মনোবল বৃদ্ধিৰ বাবে চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠনেই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।