NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বৰঙনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 10:23 pm
Gauhati HC Judges donate for fight against COVID-19

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ১৭গৰাকীকৈ ন্যায়াধীশে মঙলবাৰে বৰঙনি আগবঢ়াইছে।

পি এম কেয়াৰ্ছ পুঁজি, মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজি আৰু অসম আৰোগ্য নিধিলৈ ন্যায়াধীশসকলে মুঠ ৪.৫১ লাখ টকাৰ বৰঙনি আগবঢ়ায়।

দুৰ্য্যোগৰ সময়ত সাহায্য আগবঢ়োৱা ন্যায়াধীশসকলক হৈছে মুখ্য ন্যায়াধীশ অজয় লাম্বা, ন্যায়াধীশবৃন্দ ক্ৰমে এন কে সিং, মানস ৰঞ্জন পাঠক, মনোজিৎ ভূঞা, সুমন শ্যাম, ৰুমী কুমাৰী ফুকন, অচিন্ত্য মল্ল বুজৰবৰুৱা, কল্যাণ ৰাই সুৰানা, প্ৰশান্ত কুমাৰ ডেকা, অজিৎ বৰঠাকুৰ, হিতেশ কুমাৰ শৰ্মা, মীৰ আলফাজ আলী, সঞ্জয় কুমাৰ মেধি,মনিষ চৌধুৰী, সৌমিত্ৰ শইকীয়া, পাৰ্থিৱ জ্যোতি শইকীয়া আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এইচ এন শৰ্মা।

আনহাতে, মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম বিদ্যুৎ বিতৰণ কোম্পানি পৰিসীমিতই ৫৫ লাখ টকা, অসম বিদ্যুৎ গ্ৰীড নিগম পৰিসীমিতই ১২ লাখ আৰু অসম বিদ্যুৎ উৎপাদন নিগম পৰিসীমিতই ৮.৩৮৫ লাখ টকাৰ বৰঙনি আগবঢ়ায়।

মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ আজিৰ দিনটোত বৰঙনি আগবঢ়োৱা অন্যান্য ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ ভিতৰত ছেভেন চিষ্টাৰ্চ ট্ৰেড এণ্ড ডিষ্টিলেৰীছ প্ৰাইভেট লিমিটেডে ১ লাখ টকা, নৰ্থইষ্ট ডিষ্টিলেৰীছ প্ৰাইভেট লিমিটেডে ১ লাখ টকা, আৰোমা ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ১ লাখ টকা, ছাৰন ইণ্ডাষ্ট্ৰিজে ১ লাখ টকা, হাইলেন ইনফ্ৰাটেকে ১ লাখ টকা, ভৰলু ভিউ হাউছিং ছ’চাইটিয়ে ১.০১ লাখ টকা, বন্দনীয় লক্ষ্মীবাই কেলকাৰ স্মাৰক সমিতিয়ে ৫১ হাজাৰ টকা, আৰ ডি এডুকেশ্যনেল এণ্ড স্পৰ্ট্ছ ফাউণ্ডেশ্যনে ৭০ হাজাৰ টকা, ডিব্ৰুগডৰ জিলা ক্ৰীড়া সন্থাই ১ লাখ টকা, মনোৰমা বৰাই ১ লাখ টকা আৰু গুৱাহাটী বেপ্তিষ্ট চাৰ্চে ১ লাখ টকাৰ বৰঙনি আগবঢ়ায়।

তদুপৰি অসম আৰোগ্য নিধিলৈ আজি পুলিন চন্দ্ৰ গগৈয়ে ১.৫০ লাখ টকা, ভাৰতীয় চাহ পৰিষদে ৫ লাখ টকা, লাখদতৰ সেৱা সমিতিয়ে ৫০ হাজাৰ টকা, তিনিচুকীয়া ইংলিছ একাডেমীয়ে ৫১ হাজাৰ টকা, ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট ইউজাৰ এছ’চিয়েশ্যনে ৫১ হাজাৰ টকা, অ’ পি বাঞ্চাল এণ্ড ছনছে ৫১ হাজাৰ টকা, বাডিং বাডছ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলে ৮০ হাজাৰ টকা আৰু আগৰৱাল সেৱা সমিতিয়ে ১ লাখ টকাৰ বৰঙনি আগবঢ়ায়। আনহাতে, পি এম কেয়াৰ্ছ ফাণ্ডলৈ পুলিন চন্দ্ৰ গগৈয়ে ১.৫০ লাখ টকাৰ বৰঙনি আগবঢ়ায়।