NORTHEAST NOW (Assamese)
অসম

শনিবাৰে জি এম চি এইচত সাংবাদিকৰ ক’ভিড-১৯ পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2020 9:21 pm
COVID-19: E-mail launched for Assam people stranded abroad

শনিবাৰে সাংবাদিকসকলে ক’ভিড-১৯ৰ পৰীক্ষা কৰোৱাব পাৰিব। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক সংবাদমেলত এই কথা অৱগত কৰে।

শৰ্মাই কয় যে ক’ভিড-১৯ৰ ওপৰত বাতৰি কৰিবলৈ অসমৰ সাংবাদিকসকলে কষ্ট কৰি আহিছে।

“তেওঁলোকৰ কৰ্তব্যত সাংবাদিকসকলে পেছাগত বিপদৰ সন্মুখীন হৈ আহিছে, আৰু সেয়ে আমি ২৫ এপ্ৰিল শনিবাৰে তেওঁলোকৰ বিনামূলীয়া পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত লৈছো,” তেওঁ কয়।

“যিসকল সাংবাদিকে তেওঁলোকৰ পৰীক্ষা কৰোৱাব খোজে তেওঁলোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ ২৫ এপ্ৰিলত আহিব পাৰে আৰু পৰীক্ষা কৰোৱাব পাৰে,” শৰ্মাই কয়।

তেওঁ লগতে কয় যে পৰীক্ষাৰ সময়ত ক’ভিড-১৯ সম্পৰ্কীয় সকলো প্ৰট’কল মানি চলা হ’ব।

মুম্বাই, চেন্নাই আৰু দিল্লীত শেহতীয়াকৈ বহু সাংবাদিক ক’ভিড-১৯ পজিটিভ ওলোৱাৰ পিছত অসমৰ সাংবাদিকসকলে ৰাজ্য চৰকাৰক ক’ভিড-১৯ পৰীক্ষাৰ বাবে আহ্বান জনাই আহিছিল।

গুৱাহাটী প্ৰেছ ক্লাবে ইয়াৰ আদৰণি জনাইছে আৰু সাংবাদিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে ইয়াক এক অতি প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰিছে।