NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছ; এইবাৰ দুটা মেকুৰীৰ শৰীৰত ধৰা পৰিছে কোবিড১৯

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2020 11:30 am
cat-image-2-600x375

বুধবাৰে নিউয়ৰ্কত দুটা মেকুৰীৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

ইণ্ডিয়া টুডে’ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে যোৱা বুধবাৰে দেশখৰ দুটা মেকুৰীৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

মেকুৰী দুটা দেশখনৰ দুখন ভিন্ন ঠাইৰ বুলি জানিব পৰা গৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিপাৰ্টমেন্ট অৱ এগ্ৰিকালচাৰ আৰু ফেডাৰেল চেন্টাৰ্ছ ফ’ৰ ডিজিছ ক’ন্ট্ৰল এণ্ড প্ৰিভেনশ্যনই প্ৰকাশ কৰা তথ্য যঅনুসৰি মৃদু স্বাস-প্ৰশ্বাসজনিত সমস্যাত আক্ৰান্ত মেকুৰী দুটাৰ শৰীৰলৈ ক’ৰ’নাক্ৰান্ত গৃহস্থ অথবা চুবুৰীয়াৰ পৰা এই ভাইৰাছবিধ সংক্ৰমিত হৈছে।

পশু চিকিৎসাৰ পৰীক্ষাগাৰত মেকুৰী দুটাৰ শৰীৰৰ নমুনা পৰীক্ষা হৈছিল।

উল্লেখ্য যে, ইতিমধ্যে ব্ৰ’নক্স চিৰিয়াখানৰ কিছু বাঘ আৰু সিংহৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰাৰ পিছত বিশ্বজুৰি কিছু বন্যপ্ৰাণীৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

লগতে পঢ়ক :  কৰ’না ভাইৰাছৰ পৰা সাৰি নগ’ল বাঘো; শৰীৰত ধৰা পৰিল COVID-19 পজিটিভ

ইফালে আমেৰিকাৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে মানুহৰ শৰীৰ পৰা কিছু প্ৰাণীৰ শৰীৰলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমিত হৈছে যদিও বৰ্তমানলৈকে জন্তুৰ শৰীৰৰ পৰা জন্তু অথবা মানুহলৈ সংক্ৰমণৰ কোনো তথ্য লাভ কৰা নাই।

দুটা মেকুৰীৰৰ শৰীৰত কোভিড১৯ পোৱাৰ পিছত দেশখনত ঘৰুৱা কুকুৰ আৰু মেকুৰীবোৰক নিজৰ ঘৰতে আৱদ্ধ কৰিবলৈ কোৱা হৈছে।

চিকিৎসা বিজ্ঞানীসকলে মানৱ শৰীৰ আৰু জন্তুৰ শৰীৰত আৱিষ্কৃত ক’ৰ’না ভাইৰাছৰ মাজত কিবা যোগসূত্ৰ আছে নেকি সেই অধ্যয়ন অব্যাহত ৰাখিছে।