NORTHEAST NOW (Assamese)
Popular Stories

অসমত আৰু এজন ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ৩৫লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2020 11:50 am
COVID-19: E-mail launched for Assam people stranded abroad

অসমত আন এগৰাকী কোভিড-১৯ পজিটিভ ৰোগীৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰে সৈতে ৰাজ্যত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পালে।

শেহতীয়াকৈ কোভিড-১৯ পজিটিভ ৰোগীজন ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বুলি চিনাক্ত হৈছে।

আজি টুইটাৰযোগে এই কথাৰ নিশ্চিতি প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীয়ে জানিবলৈ দি কয় যে গুৱাহাটীস্থ আঠগাঁও মছজিদৰ ধৰ্মীয় সভাত অংশ লোৱা এগৰাকী ৰোগীৰ সংস্পৰ্শলৈ আহিছিল বিলাসীপাৰাৰ এই লোকজন।

উল্লেখ্য যে এই পৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত অসমৰ ১৯ জন ব্যক্তিক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। আৰু অসমত ক’ভিড-১৯ আক্ৰান্ত এজনৰ ইতিমধ্যে চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে।