NORTHEAST NOW (Assamese)
অসম

মহানগৰীত কঠোৰ আৰক্ষী; মাস্ক নিপিন্ধাৰ বাবে ২৬৫ জনক গ্ৰেপ্তাৰ, ৮৬৭২ খন বাহন জব্দ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 24, 2020 6:34 pm

ক’ৰ’না ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ মে’লৈ ল’কডাউন বৃদ্ধি কৰিছিল।

বিগত ২১ এপ্ৰিলৰ পৰা অসমত কিছু পৰিমানে ল’কডাউন শিথিল কৰি দিয়া হৈছিল ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ পাছত মাস্ক পৰিধানৰ ক্ষেত্ৰত কঠোৰ হৈছে অসম আৰক্ষী।

চৰকাৰৰ নিৰ্দেশনাৰ পাছতো বৰ্তমানলৈ গুৱাহাটী মহানগৰীৰৰ বহু লোকে মাস্ক পৰিধান কৰাত গুৰুত্ব দিয়া নায়।

মহানগৰ আৰক্ষী আযুক্ত মুন্না প্ৰসাদ গুপ্তাই জনোৱা অনুসৰি, গুৱাহাটীত মাস্ক নিপিন্ধাৰ বাবে বৰ্তমানলৈ ২৬৫ গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা আটাইবোৰ লোকৰ বিৰুদ্ধে আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও গুপ্তাই লগতে জনায়।

আনহাতে, ল’কডাউন ভংগ কৰাৰ লগতে প্ৰশাসনে বান্ধি দিয়া নিয়ম উলংঘন কৰাৰ বাবে গুৱাহাটীত বৰ্তমানলৈ ৮৬৭২ খন বাহন জব্দ কৰা হৈছে বুলি জনিবলৈ দিয়ে আৰক্ষী আযুক্ত গৰাকীয়ে ৷

উল্লেখযোগ্য যে, ল’কডাউনৰ নীতি-নিৰ্দেশনা সমূহ পালন কৰাৰ ক্ষেত্ৰত কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন ৷ আৰক্ষীৰ তৰফৰ পৰা জনসাধাৰণক মাস্ক পৰিধান কৰিহে অত্যাৱশ্যকীয় কামত ৰাজপথলৈ ওলোৱাৰ বাবে আহ্বান জনাইছে ৷

অত্যাৱশকীয় সেৱাৰ লগত জড়িত লোকসকলৰ বাবে অনুজ্ঞা পত্ৰৰ ব্যৱস্থাও চৰকাৰ-প্ৰশাসনে কৰিছে বুলি মুন্না প্ৰসাদ গুপ্তাই কয়।