NORTHEAST NOW (Assamese)
অসম

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 5:08 pm
a day

এদিনৰ বাবে মুখ্যমন্ত্ৰী কথাষাৰ কেৱল চিনেমাতহে দেখা যায় যদিও এইবাৰ বাস্তৱতো দেখা যাব এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱা এগৰাকী কিশোৰীক।

অহা ২৪ জানুৱাৰীত উত্তৰাখণ্ডত মাত্ৰ এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবলগীয়া এই গৰাকী কিশোৰীৰ নাম সৃষ্টি গোস্বামী।

সৃষ্টিয়ে ত্ৰিভেন্দ্ৰ সিং ৰাৱাট নেতৃত্বাধীন উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাবে এদিনৰ বাবে উপবিষ্ট হৈ চৰকাৰী  আঁচনি সমূহ সঠিক ভাবে ৰূপায়ন হৈছে নে নাই সেয়া পৰীক্ষা কৰি চাব।

কেৱল সেয়াই নহয়, এদিনৰ বাবে মুখ্যমন্ত্ৰী হ’বলগীয়া সৃষ্টি গোস্বামীৰ সৈতে ৰাজ্য খনৰ শীৰ্ষ আমোলাসকলে মত বিনিময়ো কৰিব।

উত্তৰাখণ্ডৰ শিশু সুৰক্ষা অধিকাৰ আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উক্ত দিনা এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবলগীয়া সৃষ্টি গোস্বামী নামৰ কিশোৰীগৰাকীৰ সৈতে ৰাজ্যৰ উচ্চ পদস্থ বিষয়াসকলে প্ৰত্যেকেই ৫ মিনিটকৈ সময় মত বিনিময় কৰিব।

শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰকাশ কৰা মতে ৰাজ্য খনত মহিলাসৱলীকৰণৰ ধাৰণাটোক অধিক গতিশীল কৰাৰ লক্ষ্যৰেই এনেদৰে কিশোৰীগৰাকীক এদিনৰবাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ দিয়া হ’ব।

ইয়াৰ পূৰ্বেও ২০১৮ চনত সৃষ্টিয়ে এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল বুলি জানিব পৰা গৈছে।

উত্তৰাখণ্ডৰ দৌলতপুৰৰ বাসিন্দা সৃষ্টি গ্স্বামী নামৰ কিশোৰীগৰাকী ৰুৰকীৰ বিএছএম পিজি কলেজৰ কৃষি বিজ্ঞান বিষয়ৰ ষষ্ঠ ছেমিষ্টাৰৰ ছাত্ৰী।

সৃষ্টিৰ পিতৃ প্ৰৱীণ গোস্বামী এগৰাকী ব্যৱসায়ী আৰু মাতৃ সুধা গোস্বামী গৃহিনী।সৃষ্টিয়ে সৰুৰে পৰাই নানান সামজিক কামত জৰিত হৈ আহিছে।