NORTHEAST NOW (Assamese)
অসম

দিল্লীত ৯জন চিআৰপিএফ জোৱানৰ দেহত ধৰা পৰিছে কৰ’না পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 8:10 am
COVID-19 positive cases reach 62 in Assam

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰে দেশজুৰি লকডাউন অব্যাহত ৰাখিছে।

ইয়াৰ পাছতো কৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। মাৰাত্মক এই ভাইৰাছৰ পৰা সুৰক্ষিত হৈ থকা নাই সুৰক্ষাকৰ্মীসকলো।

দিল্লীত শুকুৰবাৰে চিআৰপিএফৰ ৯জন জোৱানৰ কৰ’না পজিটিভ ধৰা পৰিছে। জোৱানকেইজন চিআৰপিএফৰ ৩১নং বেটেলিয়নৰ। তেওঁলোকক পূৰ্বেই কোৱাৰেন্টাইন কৰা হৈছিল।

জানিব পৰা মতে, ইয়াৰ পূৰ্বে চিআৰপিএফৰ এজন জোৱানৰ পজিটিভ ধৰা পৰিছিল আৰু তাৰ পাছতে এই সকলোকে কোৱাৰেন্টাইন কৰাৰ লগতে পৰীক্ষা কৰোৱা হয়।

পৰীক্ষাৰ পাছত এইকেইজনৰো কৰ’না পজিটিভ ধৰা পৰে। চিআৰপিএফৰ এই জোৱানকেইজন নয়দাত কৰ্তব্যৰত হৈ থাকোতেই কৰ’নাৰ গ্ৰাসত পৰে।

গোটেই ভাৰততে কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ষিপ্ৰভাৱে বৃদ্ধি পাবলৈ লৈছে। আনকি লকডাউনৰ পাছতো কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হ্ৰাস পোৱা নাই।

দেশত বৰ্তমান কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৩ হাজাৰ ৪৫০জন অতিক্ৰম কৰিছে। ইয়াৰে ৭২৩জন লোকৰ মৃত্যু হৈছে। তদুপৰি, ৪হাজাৰ ৮১৩জন ৰোগী চিকিৎসাৰ পাছত সুস্থ হৈ হাস্পাতলৰ পৰা ঘৰলৈ উভতিছে।