NORTHEAST NOW (Assamese)
অসম

টীয়কত ঘৰে ঘৰে ঔষধ বিতৰণ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 10:58 pm
Lockdown: Teok police distributes medicine among poor and needy

লকডাউনত ব্যস্ত টীয়ক আৰক্ষীয়ে কালিৰে পৰা হাতত লৈছে আৰু এটা গুৰুত্বপূৰ্ণ কৰ্মসূচীl

ব্যস্ততাৰ মাজতে টীয়ক আৰক্ষীয়ে বৃহত্তৰ টীয়ক অঞ্চলৰ ভালেসংখ্যক দৰিদ্ৰ ব্যক্তিক ঔষধ প্ৰদান কৰি এক বিৰল মহানুভৱতাৰ প্ৰদৰ্শন কৰিছে।

ওলাই যাব নোৱাৰা ব্যক্তিসকলক তথা দৰিদ্ৰসকলক সহায়ৰ বাবে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈৰ নেতৃত্বত ঘৰে ঘৰে ঔষধ বিতৰণৰ ব্যৱস্থা কৰিছে।

বিশেষকৈ যিখিনি ঔষধ টীয়কত উপলব্ধ নহয় তথা যোৰহাটৰ পৰা ক্ৰয় কৰিব লগা হয় তেনে ঔষধ বিশেষভাৱে যোগান ধৰা হৈছে বুলি জানিব পৰা গৈছেl

ইতিমধ্য টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱকে ধৰি বিভিন্ন ব্যক্তিৰ ঘৰলৈ গৈ টীয়ক আৰক্ষী থানাৰ বিভিন্ন পৰ্য্যায়ৰ বিষয়াই ঔষধৰ যোগান ধৰিছে।

এইক্ষেত্ৰত টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপাংকৰ গগৈয়ে সকলোৰে সহযোগিতা কামনা কৰিছেl