NORTHEAST NOW (Assamese)
অসম

কিম জং উনৰ মৃত্যু হৈছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2020 9:43 pm
South Korea says Kim Jong Un is alive and well: Report

কিম জং উনৰ মৃত্যু হৈছে, হংকং ছেটেলাইট টেলিভিছনৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ।

কমিউনিষ্ট একনায়ক কিমৰ মৃত্যুৰ বাতৰি উত্তৰ কোৰিয়াকে ধৰি কোনো দেশে এতিয়ালৈকে বিভাগীয়ভাৱে প্ৰকাশ কৰা নাই।

কিন্তু, বাতৰি মতে HKSTVৰ উপ সঞ্চালিকাগৰাকীয়ে “খুব দৃঢ় সূত্ৰ”ৰ ভিত্তিত উনৰ মৃত্যু হোৱা বুলি দাবী কৰিছে।

উপ সঞ্চালিকাগৰাকীয়ে চীনা চ’চিয়েল মিডিয়া ৱেবছাইট ৱেইব’ত এই কথা প্ৰকাশ কৰিছে।

কিম জং উনৰ মৃত্যুক লৈ বিশ্বৰ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাই আহিছে।

শেহতীয়াকৈ চীনে তেওঁলোকৰ এটা চিকিৎসকৰ দল উত্তৰ কোৰিয়ালৈ প্ৰেৰণ কৰা বুলি বাতৰি ওলাইছিল।

কিমৰ স্বাস্থ্যক লৈ আমেৰিকাৰ আৰু দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত দুই ধৰণৰ দাবী কৰা হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যমত চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে কোৱা হৈছিল যে কিং জং হয়তো ক’মাত আছে নহয় তেওঁ ব্ৰেইন ডেড হৈছে।

আনহাতে, দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে লিখিছিল যে কিম জঙৰ হাৰ্ট চাৰ্জাৰি চলি আছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি সম্পৰ্কত কোনো তথ্য নাই।