NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ চুটি ছবি ‘দ্যা মেন হু স্পিকচ নেচাৰ’

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া May 26, 2019 8:16 am
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ চুটি ছবি ‘দ্যা মেন হু স্পিকচ নেচাৰ’

ইউৰোপৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক চুটি ছবিৰ প্ৰতিযেগিতাত অসমৰ ছবি ‘দ্যা মেন হু স্পিকচ নেচাৰ’এ শ্ৰেষ্ঠ ছবি হিচাপে স্বীকৃত লাভ কৰে। ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ ছবিখনৰ বাবে বোকাখাতৰ যুৱক ধৃতিমান কাকতিলৈ এই বঁটা আগবঢ়োৱা হৈছে।

যোৱা দুদিন ধৰি ইউৰোপ মহাদেশৰ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ গদল‘ চহৰত অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি বিষয়ক ছবি মহোৎসৱ। এই মহোৎসৱৰ আয়োজক সকলৰ নিমন্ত্ৰণক্ৰমে পৰিচালক ধৃতিমান কাকতিয়ে উক্ত মহোৎসৱত অংশ গ্ৰহণ কৰি উক্ত বঁটা গ্ৰহণ কৰে।

কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈৰ পৰিৱেশ সংৰক্ষণ  বিষয়ক কৰ্মৰ আধাৰত ধৃতিমান কাকতীয়ে ৰক্তিম হাজৰিকা আৰু দুজনমান বন্ধুৰ সহযোগত নিৰ্মাণ কৰিছিল ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ ছৱিখন ৷ ছবিখন পৰিচালনা কৰিছিল ধৃতিমান কাকতিয়ে আৰু সম্পাদনা কৰিছিল আৰু বোকাখাতৰেই আন এজন যুৱক ৰক্তিম হাজৰিকাই ৷ ছবিখনৰ প্ৰচাৰ আৰু বিতৰণত আছিল  প্ৰবাল বৰা।

ধৃতিমান কাকতী বোকাখাত নিৱাসী কৃষি বিষয়া অলকানন্দ কাকতি আৰু কমাৰগাওঁ মহাবিদ্যালয়ৰ প্ৰবক্তা গায়ত্ৰী বৰা কাকতীৰ একমাত্ৰ সন্তান ৷ ধৃতিমান কাকতিৰ এই সাফল্যত বোকাখাত প্ৰেছ ক্লাব, ইলেট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন আৰু বোকাখাত মহকুমা সাংবাদিক সন্থাই অভিনন্দন জনাইছে ৷ ধৃতিমান কাকতিৰ ‘দ্যা মেন হু স্পিকচ নেচাৰ’ নামৰ ছবিখনে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।