NORTHEAST NOW (Assamese)
অসম

কেব বিৰোধিতাত জ্বলিছে অসম: গুৱাহাটীত ৰঞ্জী মেচ, আই এছ এলৰ খেল বাতিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2019 7:58 pm
41a7308a-1184-42ab-b6b3-fdebd248f02e-750x375

নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ লোকসভাৰ পাছত বুধবাৰে ৰাজ্যসভাতো গৃহীত হোৱাৰ পাছতে অসমত প্ৰতিবাদে ভয়ংকৰ ৰূপ লৈছে।

ইয়াৰ মাজতে গুৱাহাটীত চলি থকা ৰঞ্জী ট্ৰফীৰ চতুৰ্থ দিনৰ (বৃহস্পতিবাৰে) খেল স্থগিত কৰি দিয়া হৈছে। তদুপৰি, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ৰ মেচো বাতিল কৰা হৈছে।

ৰঞ্জী ট্ৰফীত অসমে নিজৰ প্ৰথম ইনিংছত চাৰ্ভিচেজ স্পৰ্টছ কন্ট্ৰ’ল বোৰ্ডৰ বিৰুদ্ধে খেলি আছিল।

বিচিচিআইৰ জি এম (ক্ৰিকেট অপাৰেশ্যন) ছাবা কৰিমে জানিবলৈ দিয়া মতে খেলুৱৈ আৰু বিষয়াসকলক হোটেলতে সোমাই থকাৰ পৰামৰ্শ দিয়া হৈছে।

ছাবা কৰিমে কয়,’’সান্ধ্য আইনৰ সময়ত দুয়োটা দলৰে খেলুৱৈসকল আৰু মেচৰ বিষয়াসকলক হোটেল ত্যাগ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।‘’

আনহাতে, ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ৰ গুৱাহাটীত হ’বলগীয়া নৰ্থইষ্ট য়ুনাইটেড আৰু চেন্নাইয়ন এফ চিৰ মাজৰ খেলখন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে।

আইএছএলৰ তৰফৰ পৰা কোৱা হৈছে,’’গুৱাহাটীত চলি থকা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আইএছএলৰ চতুৰ্থটো ছিজনৰ নৰ্থইষ্ট য়ুনাইটেড আৰু চেন্নাইয়ন এফ চিৰ মাজত অনুষ্ঠিত হ’বলগীয়া ৩৭ নম্বৰ খেলখন স্থগিত ৰখা হৈছে।‘’