NORTHEAST NOW (Assamese)
অসম

কেইবাগৰাকীও সংগীত শিল্পী, অভিনেতাৰ সৈতে মুখ্য মন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 26, 2020 10:39 pm
Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ৰাজ্যৰ কেইবাগৰাকী প্ৰতিষ্ঠিত তথা জ্যেষ্ঠ শিল্পী, অভিনেতা, কলা-কুশলীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়।

মত বিনিময়ৰ সময়ত সোণোৱালে শিল্পীসকলক এই জটিল সময়ত মনোবল অটুট ৰাখি সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে ধন্যবাদ জনায়।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে ক’ভিদ-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী সম্পৰ্কত শিল্পী কেইগৰাকীৰ সৈতে মত বিনিময় কৰে।

টেলিফোনযোগে বাৰ্তালাপ কৰা শিৰ্পী কেইগৰাকীৰ ভিতৰত আছিল নৃত্যাচাৰ্য যতীন গোস্বামী, প্ৰখ্যাত সংগীতজ্ঞ আৰু বাঁহীবাদক প্ৰভাত শৰ্মা, লোকগীতৰ শিল্পী ধনদা পাঠক, কণ্ঠশিল্পী পুলক বেনাৰ্জী, ভূপেন উজীৰ নমিতা ভট্টাচাৰ্য, মনীষা হাজৰিকা, অনিমা চৌধুৰী, তৰালী শৰ্মা আদি।

ইয়াৰ উপৰি অভিনেত্ৰী সীমা বিশ্বাস, মৃদুলা বৰুৱা, পূৰ্ণিমা শইকীয়া পাঠক, মলয়া গোস্বামীৰ লগতে অভিনেতা নিপন গোস্বামী, বিষ্ণু খাৰঘৰীয়া, ভ্ৰাম্যমান থিয়েটাৰৰ বিশিষ্ট প্ৰযোজক কৃষ্ণ ৰয়সহ সাংস্কৃতিক ক্ষেত্ৰৰ মুঠ ৫২ গৰাকী ব্যক্তিৰ সৈতে মত বিনিময়ত অংশ লয় মুখ্য মন্ত্ৰী সোণোৱালে।