NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ পুলৱামা ছহিদৰ পত্নীয়ে আৰক্ষীক প্ৰদান কৰিলে ১০০০ PPE কিটছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2020 5:20 pm
15_0

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ হাৰিয়ানা আৰক্ষীক এগৰাকী ছহিদ জোৱানৰ পত্নীয়ে প্ৰদান কৰিছে ১০০০ পি পি ই কিটছ। ছহিদ জোৱানৰ পত্নীগৰাকী হ’ল নিতিকা ক’ল ধোন্দিয়াল।

উল্লেখ্য যে যোৱা বছৰ ফেব্ৰুৱাৰিত জম্মু-কাশ্মীৰত উগ্ৰপন্থী সংগঠন জইছ-ই-মহম্মদৰ সৈতে হোৱা ভয়াবহ সংঘৰ্ষত ছহিদ হৈছিল নিতিকাৰ স্বামী মেজৰ বিভূটি শংকৰ ধোন্দিয়াল।

ছহিদ জোৱানৰ পত্নীগৰাকীয়ে প্ৰদান কৰা পি পি ই (পাৰ্ছনেল প্ৰটেক্টিভ ইকুইপমেণ্ট) কিটছত মাস্ক, গ্ল’ভছ, চচমাৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী আছে।

ইফালে ফৰিদাবাদ আৰক্ষীয়ে নিতিকাৰ দেশপ্ৰেম আৰু মহানুভৱতাৰ শলাগ লোৱাৰ লগতে টুইটাৰযোগে ছহিদ জোৱানজনৰ পত্নীক ধন্যবাদ জ্ঞাপন কৰে।

হাৰিয়ানাৰ মুখ্য মন্ত্ৰী মনোহৰ লাল খট্টৰেও নিতিকাৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে কয় যে দেশ মাতৃৰ হৈ নিজৰ জীৱন ত্যাগ কৰা মেজৰ ভিভূটি শংকৰ ধোন্দিয়ালৰ পত্নীয়ে হাৰিয়ানা আৰক্ষীলৈ ১০০০ পি পি ই কিটছ আগবঢ়াইছে, ইয়াৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।

উল্লেখ্য যে হাৰিয়ানাত দেওবাৰলৈকে ২৯৬ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।