NORTHEAST NOW (Assamese)
অসম

সুৰক্ষা বাহিনীৰ অভিযানত আটক চাৰিগৰাকী এন এছ চি এন কেডাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2020 5:58 pm
NSCN-R-1140x570

অসম আৰু নাগালেণ্ডত পৃথক পৃথক অভিযানত সুৰক্ষা বাহিনীয়ে চাৰিগৰাকী এন এছ চি এনৰ কেডাৰক আটক কৰে।

আটকাধীন বিদ্ৰোহী সংগঠনৰ সদস্য কেইগৰাকীৰ ভিতৰত দুগৰাকী এন এছ চি এন (আই এম) আৰু দুগৰাকী এন এছ চি এন(কে) গোটৰ।

সুৰক্ষা বাহিনীৰ সূত্ৰ অনুসৰি ৰাজু ব্ৰামো নামৰ এন এছ চি এন (আই এম)ৰ কেডাৰ গৰাকীক শুকুৰবাৰে তিনিচুকীয়া জিলাৰ লালপাহাৰৰ পৰা আটক কৰা হয়।

আটকাধীন ৰাজু ব্ৰামোৰ পৰা এটা .২২ এম এম পিষ্টল আৰু কিছু পৰিমাণে সজীৱ গোলা বাৰুদ জব্দ কৰা হয়।

আন এটা পৃথক অভিযানত নয়াবোৰ কোনয়াক ওৰফে নেউপা নামৰ এন এছ চি এন (আই এম)ৰ জেষ্ঠ কেডাৰ এগৰাকীক বৃহস্পতিবাৰে যোৰহাটৰ তিতাবৰত আটক কৰা হয়।

সুৰক্ষা বাহিনীয়ে পহৰা দিয়া স্থানৰ পৰা পলাবৰ চেষ্টা কৰাৰ সময়তে দুৰ্ধৰ্ষ কেডাৰ গৰাকীক আটক কৰে সুৰক্ষা বাহিনীৰ জোৱানে।

জেষ্ঠ এন এছ চি এন (আই এম)কেডাৰ গৰাকীৰ পৰা এটা আমেৰিকাত নিৰ্মিত পিষ্টলৰ লগতে দুটা মেগাজিন জব্দ কৰে।

আনহাতে, ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত নাগালেণ্ডৰ মন জিলাৰ য়চিঙত আন দুগৰাকী এন এছ চি এন (কে) কেডাৰ আটক হয়।

আটকাধীন এন এছ চি এন (কে) কেডাৰ দুগৰাকী চাৰ্জেণ্ট কাবাটো চেমা আৰু চাৰ্জেণ্ট ল’কিভি চেমা বুলি চিনাক্ত কৰা হয়।

সুৰক্ষা বাহিনীৰ দলটোৱে দুয়োগৰাকী কেডাৰৰ হাতৰ পৰা এটা .৩২ এম এম পিষ্টল, দহ জাই সজীৱ গুলী আৰু ২৫,০০০ টকা জব্ধ কৰিবলৈ সক্ষম হয়।