NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাত আক্ৰান্ত হৈ সাংবাদিকৰ মৃত্যু হ’লে পৰিয়ালে পাব ১৫ লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2020 6:18 pm
Journalist

কৰ্তব্যত নিয়োজিত হৈ থকা সময়ত যদি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ কোনো সংবাদকৰ্মীৰ মৃত্যু হয় তেন্তে সংবাদকৰ্মীজনৰ পৰিয়ালৰ লোকক উৰিষ্যা চৰকাৰে প্ৰদান কৰিব ১৫ লাখ টকা।

আজি এই কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কে।

‘মহামাৰী ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে অতি আন্তৰিকতাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছে সাংবাদিকসকলে। কৰ্তব্যত নিয়োজিত কোনো সাংবাদিকৰ যদি ক’ৰ’নাৰ ফলত মৃত্যু হয় তেন্তে তেওঁলোকৰ আত্মীয়ক ১৫ লাখ টকা প্ৰদান কৰা হ’ব’, আজি মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ে এই কথা জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মুখ্য মন্ত্ৰী পাটনায়কে চিকিৎসা তথা স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কোনো লোক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হ’লে ক্ষতিপূৰণ হিচাপে তেওঁলোকৰ পৰিয়ালক ৫০ লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ উপৰি চৰকাৰে এই লোকসকলক ছহিদ হিচাপে ঘোষণা কৰাৰ লগতে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ কথাও ঘোষণা কৰিছিল।