NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মিজোৰাম বিধানসভাত ১৫ মাৰ্চত দাখিল কৰা হ’ব বিত্তীয় বাজেট

Posted by: এন ই নাও নিউজ February 20, 2018 11:47 am
Mizoram-Assembly

অহা ১৫ মাৰ্চত দাখিল কৰা হ’ব মিজোৰাম বিধানসভাৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট। মিজোৰাম চৰকাৰৰ এটা উচ্চস্তৰীয় সূত্ৰই সোমবাৰে এই তথ্য সদৰী কৰিছে বুলি জানিব পৰা গৈছে।

মিজোৰাম বিধানসভাৰ সচিব এছ আৰ জ’কহুমাই সোমবাৰে প্ৰকাশ কৰা অনুসৰি ১৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিবেশনখনৰ একেটা মাহৰ ২৯ তাৰিখে অন্ত পৰিব।উল্লেখ্য যে প্ৰথমদিনা ৰাজ্যখনৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল নিৰ্ভয় শৰ্মাৰ অভিভাষণেৰে বিধানসভা অধিবেশনৰ আৰম্ভণি হ’ব।

বহু কেইটা দিশৰ পৰা এইবাৰৰ মিজোৰাম বিধানসভা অধিবেশন গুৰুত্বপূৰ্ণ হ’ব বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ স্থানীয় সংবাদ মাধ্যম সমহে। বিশেষকৈ কংগ্ৰেছৰ চৰকাৰ চলি থকা ৰাজ্যখনত শেহতীয়াভাৱে উদ্ভৱ হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত বিৰোধী পক্ষই শাসকীয় পক্ষক জবাবদিহি কৰিব বুলি ভিন্ন সূত্ৰই প্ৰকাশ কৰিছে।

অৱশ্যে ৪০ খন আসন বিশিষ্ট মিজোৰাম বিভানসভাত ৩৫ জন বিধায়কেৰে কংগ্ৰেছৰ স্থিতি যথেষ্ট শক্তিশালী।সেয়েহে মথোঁ ৪ জন বিধায়কৰে বিৰোধী দল মিজো নেচনেল ফ্ৰণ্টে বিধানসভাত কেনে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

সেয়েহে অহা ১৩ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া মিজোৰামৰ বাজেট অধিবেশনখনলৈ লক্ষ্য ৰাখিছে ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে।