NORTHEAST NOW (Assamese)
Popular Stories

বলিউদ অভিনেতা ইৰফান খানৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2020 12:43 pm

বলিউদৰ এগৰাকী অন্যতম বহুমুখী প্ৰতিভাৰ অধিকাৰী অভিনেতা ইৰখান খানৰ আজি মৃত্যু হয়। ৫৪ বছৰীয়া ইৰফানে মুম্বাইৰ কোকিলাবেন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

জানিব পৰা মতে পেটৰ গুৰুতৰ সমস্যাত ভুগি থকা ইৰফানক মঙলবাৰে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। অভিনেতাগৰাকীৰ কলন ইনফেকশ্যন হৈছিল।

পদ্মশ্ৰী সন্মানৰ লগতে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰে পৰিচালক সুজীত সৰকাৰে। তেওঁ এটা টুইটত কয় যে ‍মোৰ প্ৰিয় বন্ধু ইৰফান। তোমাক লৈ মই সদাই গৌৰৱ কৰিম, আমি পুনৰ লগ হম। ঔম শান্তি। চালাম ইৰফান খান।

উল্লেখ্য যে, যোৱা বছৰ (২০১৯) ইৰফান খানে লণ্ডনৰ পৰা কেঞ্চাৰ ৰোগৰ চিকিৎসা গ্ৰহণ কৰি সুস্থ হৈ ভাৰতলৈ আহিছিল। ইয়াৰ পিছৰে পৰা তেওঁ নিয়মিতভাৱে মুম্বাইৰ কোকিলাবেন চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছিল।

‍‘লাইফ অফ এ পাই’ৰ দৰে হলিউদৰ ছবিত অভিনয় কৰি অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা ইৰফানৰ অন্তিমখন ছবি আছিল ইংৰাজী মিডিয়াম। লণ্ডনৰ পৰা চিকিৎসা কৰি উভতি অহাৰ পিছত তেওঁ ছবিখনত কাম কৰিছিল।

ইফালে তেওঁৰ এই মৃত্যুৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবৰেকাৰে টুইট কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ টুইটত কয়, ‍‘ইৰফান খান এগৰাকী বহুমুখী প্ৰতিভাৰ অভিনেতা আছিল। তেওঁৰ মৃত্যুৰ খবৰ শুনি মৰ্মাহত হৈছো। তেওঁ পৰিয়াল, বন্ধুবৰ্গ আৰু অনুৰাগীক সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি’।

বলিউদৰ অন্যতম বহুমুখী প্ৰতিভাৰ গৰাকী ইৰফানৰ মৃত্যু তেওঁৰ অনুৰাগীৰ লগতে উদ্যোগটোৰ কোনো লোকে সহজভাৱে মানি ল’ব পৰা নাই।

ইৰফান খানে অভিনয় কৰা কেইখনমান সফল ছবি হ’ল- লাইফ ইন এ মেট্ৰ’, পান সিং টোমৰ, লাঞ্চ বক্স, হিন্দী মিডিয়াম, ব্লেকমেইল, জুৰাছিক ৱৰ্ল্ড আদি।